বুধবাৰে সন্ধিয়া জম্মু-কাশ্মীৰৰ বুডগাম জিলাৰ চাদুৰা অঞ্চলৰ বাসগৃহত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহয় হয় এগৰাকী কাশ্মীৰী অভিনেত্ৰী।
সন্ধিয়া প্ৰায় ৭:৫৫ বজাত বাসগৃহৰ বাহিৰত তিনিজন সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে অভিনেতাগৰাকীক। ইফালে সন্ত্ৰাসবাদীৰ আক্ৰমণত তেওঁৰ ১০ বছৰীয়া ভতিজা ফাৰহান জুবাইৰ বাহুত গুলী লাগি আঘাতপ্ৰাপ্ত হয়।
At around 1955 hrs , terrorists fired upon one lady Amreen Bhat D/o Khazir Mohd Bhat R/o Hushroo Chadoora at her home. She was shifted to hospital in injured condition where doctors declared her dead. Her 10 year old nephew who was also at home recieved bullet injury on his arm.
— Kashmir Zone Police (@KashmirPolice) May 25, 2022
এই বিষয়ে অৱগত কৰি কাশ্মীৰ জ’ন আৰক্ষীয়ে টুইটাৰত লিখিছে, “প্ৰায় ৭:৫৫ বজাত সন্ত্ৰাসবাদীয়ে ছাদুৰাৰ হুছৰু নিৱাসী খাজিৰ মহম্মদ ভাটৰ কন্যা অমৰিন ভাটৰ ওপৰত তেওঁৰ ঘৰত গুলীচালনা কৰে। এই ঘটনাৰ পিছতে আহত অৱস্থাত তেওঁক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় য’ত চিকিৎসকে অমৰিনক মৃত ঘোষণা কৰে। ঘৰত থকা তেওঁৰ ১০ বছৰীয়া ভতিজাকো বাহুত গুলীৰ আঘাত পায়।”
আৰক্ষীৰ মতে, নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা (LeT)ৰ তিনিজন সন্ত্ৰাসবাদী এই আক্ৰমণ কাণ্ডত জড়িত আছে।
