সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অশ্বিনী চেতিয়াৰ মৃত্যুত মুখ্যমন্ত্ৰী সোণোৱাল, বিভিন্ন দল সংগঠনৰ শোক প্ৰকাশ

77

ষ্টাফৰিপৰ্টাৰ,
সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট যুৱ নেতা অশ্বিনী চেতিয়াৰ শুকুৰবাৰে মৃত্যু হয়। তেওঁ জটিল ৰোগত আক্ৰান্ত হৈ আছিল। তেওঁৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে এক শোক বার্তা যোগে কয় ” জীৱন কালত একান্ত নিষ্ঠা আৰু ঐকান্তিকতাৰে প্ৰয়াত অশ্বিনী চেতিয়াই ৰাজ্যখনৰ সমাজ জীৱনলৈ যি অৰিহণা আগবঢ়াই গৈছে সেয়া জনসাধাৰণে শ্ৰদ্ধাৰে স্মৰণ কৰিব।তেওঁৰ মৃত্যুত মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰ মুখ্য আহ্বায়ক অৰূপ বৰবৰাই সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অশ্বিনী চেতিয়াৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰে আৰু শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ কয় ‘চেতিয়াৰ মৃত্যু আমাৰ আটাইৰে বাবে এক অপুৰণীয় ক্ষতি।জাতিটোৰ সংকট কালত তেওঁ যি সেৱা আগবঢ়ালে সেয়া আমাৰ বাবে পাথেয় হৈ ৰব।’ যুৱনেতা গৰাকীৰ মৃত্যুত টাই আহোম যুৱ পৰিষদ অসমৰ সভাপতি দিলীপ গগৈ, অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাস, শিৱসাগৰ জিলা বেতন বঞ্চিত প্ৰাথমিক শিক্ষক সমিতি, মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে
গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰে।