ষ্টাফৰিপৰ্টাৰ, সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ,গুৱাহাটী মহানগৰ জিলা সমিতিৰ
চাৰিদফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান সোমবাৰে মুখ্যমন্ত্ৰীক সৰ্বানন্দ সোণোৱালক প্ৰেৰণ কৰে। পৰিষদে মূলত অতীজৰে পৰা অসমত বসবাস কৰি থকা গৰিয়া, মৰিয়া, দেশী আদি জনগোষ্ঠী সমূহক অতি শীঘ্ৰে চৰকাৰী জৰীপৰ জৰিয়তে চিনাক্ত কৰা, বানপানী, গৰাখ হনীয়া আদিৰ ক্ষেত্ৰত বিশেষ আৰ্থিক পেকেজ ঘোষণা কৰা আৰু বানপানী সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰি স্থায়ী সমাধানৰ ব্যৱস্থা কৰা, বি টি এ ডি অঞ্চলত বসবাস কৰি থকা গৰিয়া মৰিয়া দেশী লোক সকলোৰে অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ বাবে ধৰ্মীয় পৰিচয়ৰে নহয় জনগোষ্ঠীয় পৰিচয়ৰে বি টি এ ডি পৰিষদ ত উন্নয়ন পৰিষদ গঠন কৰাৰ বাবে দাবী জনোৱাৰে লগতে বি টি এ ডি অঞ্চলত বসবাস কৰি থকা এই জনগোষ্ঠী সমূহৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ লগতে বিভিন্ন পৰ্যায়ত গঠন হোৱা নিকায়-নিগম পৰিষদ আদিত আসন সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্মাৰক পত্ৰ যোগে দাবী উত্থাপন কৰে। পৰিষদৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি ইছমাইল আলী আৰু সাধাৰণ সম্পাদক সুৰজ খানে এই স্মাৰক পত্ৰ খন কামৰূপ (ম) জিলা উপযুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ কৰে বুলি জানিবলৈ দিয়ে।