ষ্টাফৰিপৰ্টাৰ, সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ প্ৰাক্তন সভাপতি আৰু সাধাৰণ সম্পাদক তথা কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ বীৰেশ্বৰ শইকীয়াৰ
বুধবাৰে গুৱাহাটীস্থিত এস্কেলকেয়াৰ হস্পিতালত আবেলি ২.৫৫ বজাত শেষ মৃত্যু হয়। তেওঁৰ জীৱন পৰিক্ৰমা সঁচা অৰ্থত বৰ্ণিল আছিল আৰু বিভিন্ন ক্ষেত্ৰত তেওঁ কোচ ৰাজবংশী জনগোষ্ঠীৰ হকে সুখ্যাতিৰে কাম কৰিছিল। তেওঁৰ মৃত্যুৱে কোচ ৰাজবংশী জনগোষ্ঠীৰ ক্ষেত্ৰখনত এক বিৰাট শূণ্যতাৰ সৃষ্টি কৰিব। সদৌ অসম কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনী তৰফৰ পৰা প্ৰয়াত শইকীয়াৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে তেওঁৰ শোক সন্তপ্ত পৰিয়ালটিক গভীৰ সমবেদনা জ্ঞাপন কৰে সদৌ অসম কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনী সভাপতি
বৈষ্ণৱ কোচে।