সত্ৰীয়া সংস্কৃতিৰ সাধক তথা অধ্যক্ষ লক্ষ্মীকান্ত দেৱ গোস্বামীৰ পৰলোক

331

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ অসমৰ সত্ৰীয়া সংস্কৃতিৰ অন্যতম সাধক তথা পশ্চিম শিলপুখুৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ লক্ষ্মী প্ৰসাদ দেৱ গোস্বামীৰ ১ আগষ্টত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৫৮ বছৰ।

উল্লেখ্য যে মৰিগাঁও জিলাৰ শ্ৰীশ্ৰী নৰোৱা কুঁজিসত্ৰত ১৯৬৩চনৰ ১২ বহাগত জন্মগ্ৰহণ কৰা অতি অমায়িক প্ৰ‌য়াত গোস্বামী সত্ৰখনৰ অন্যতম গুৰীয়াল আছিল। শংকৰী কৃষ্টি সংস্কৃতিত দক্ষতা থকাৰ লগতে গায়ন-বায়ন ,সুত্ৰধাৰ আৰু নাম লগুৱা হিচাপে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল। তদুপৰি তেওঁ অসম সাহিত্য সভাৰ মৰিগাঁও জিলা সমিতিৰ উপ সভাপতি, শ্ৰীশ্ৰী শংকৰদেৱ কলাকেন্দ্ৰৰ প্ৰতিষ্ঠাপক সম্পাদক, ৰংমিলি বিহু সন্মিলনৰ প্ৰতিষ্ঠাপক আছিল।

নগাঁও-মৰিগাঁও জিলাৰ বিভিন্ন সত্ৰীয়া অনুষ্ঠানৰ লগতে সামাজিক অনুষ্ঠানৰে ঘনিষ্ঠভাৱে জড়িত গোস্বামীৰ মৃত্যুৰ খবৰে সমগ্ৰ জিলা দুখনত শোকৰ ছাঁ পেলাইছে। অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তই লক্ষ্মী প্ৰসাদ দেৱ গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি অসমৰ সত্ৰ সমাজৰ অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে।

তদুপৰি গোস্বামীৰ মৃত্যুত সদৌ অসম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফ’ৰাম, অসম কৰ্মচাৰী পৰিষদ, শ্ৰীশ্ৰী নৰোৱা কুঁজিসত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ কলাকেন্দ্ৰ, শ্ৰীশ্ৰী মাধৱদেৱ পুথিভঁৰাল, কুঁজিসত্ৰ সৌমাৰ সংঘ, অসম সাহিত্য সভাৰ নগাঁও আৰু মৰিগাঁও জিলা সমিতি, পশ্চিম শিলপুখুৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী সকলে গভীৰ শোক প্ৰকাশ কৰিছে।