সংসদৰ শীতকালীন অধিৱেশনৰ পঞ্চম দিনাও অব্যাহত আছে বিৰোধীৰ প্ৰতিবাদ

86

সংসদৰ শীতকালীন অধিৱেশনৰ পঞ্চম দিনাও অব্যাহত আছে বিৰোধীৰ প্ৰতিবাদ। ৰাজ্যসভাৰ ১২ গৰাকী সাংসদক নিলম্বন কৰাৰ বিৰুদ্ধে গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধীয়ে। কংগ্ৰেছ দলৰ সাংসদ ৰাহুল গান্ধীয়েও আজি হাতত প্লে কাৰ্ড লৈ সাংসদ সকলৰ নিলম্বনৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনায়।

আনহাতে চৰকাৰৰ বিৰুদ্ধে গণতন্ত্ৰক হত্যাৰ অভিযোগ তুলি বিৰোধী সাংসদ সকলে ১২ গৰাকী সাংসদৰ নিলম্বন প্ৰত্যাহাৰ নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ জনায়। বিৰোধী সাংসদ সকলে কলা বেজ পৰিধান কৰি আৰু মুখত কলা কাপোৰ বান্ধি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ জনায়।

উল্লেখ্য যে, সোমবাৰে সংসদত আলোচনা অবিহনে চৰকাৰে গৃহীত কৰিছিল তিনি কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক। তাৰ পিছতে ৰাজ্যসভাত বিৰোধীয়ে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ। যাৰ বাবে ১২ গৰাকী সাংসদক অধিবেশনৰ বাবে নিলম্বন কৰে অধ্যক্ষই।

আনফালে এই নিলম্বনৰ বিৰোধিতা কৰি বিৰোধী সাংসদ সকলে সদনৰ কাম-কাজত ব্যাঘাত নজন্মৱাকৈ আৰু গুৰুত্বপূৰ্ণ আলোচনাত ভাগ নোলোৱাকৈ প্ৰতিবাদ অব্যাহত ৰাখিব বুলি মন্তব্য কৰে।