সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ মাজতে নিলম্বন বিৰোধীৰ ১৯ গৰাকী সাংসদক

215

ৰাজ্যসভাত হুলস্থুল সৃষ্টি কৰা সাংসদসকলৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। দৰাচলতে টিএমচিৰ সাংসদ সুস্মিতা দেৱ, ড০ শান্তনু সেন, দোলা সেনকে ধৰি ৰাজ্যসভাৰ ১৯ গৰাকী বিৰোধী সাংসদক অসদাচৰণৰ অভিযোগত এসপ্তাহৰ বাবে নিলম্বন কৰা হৈছে। আটাইকেইজনৰ বিৰুদ্ধে ৱেল অৱ দ্য হাউছত প্ৰৱেশ কৰি শ্ল’গান দিয়াৰ অভিযোগ উত্থাপন হৈছে।

১৯ জন সাংসদক নিলম্বন
নিলম্বিত সাংসদ কেইজন হৈছে তৃণমূলৰ সাংসদ সুস্মিতা দেৱ, ড০ শান্তনু সেন, দোলা সেন, এল যাদৱ, এ এ ৰহিম, শান্তা ক্ষেত্ৰী, মহম্মদ আব্দুল্লা, কানিমোঝি আৰু ভি ভি শিৱাদাসন, আবীৰ ৰঞ্জন বিশ্বাস, নদীমুল হক।

কালি নিলম্বন কৰা হয় লোকসভাৰ চাৰিজন সাংসদ
একে সময়তে সোমবাৰে কংগ্ৰেছৰ চাৰিজন সাংসদক নিলম্বন কৰা হয়। কংগ্ৰেছৰ সাংসদ জোতিমণি, ৰম্য হৰিদাস, মণিকম ঠাকুৰ, টি এন প্ৰতাপনক নিলম্বন কৰা হয়।

সদনৰ কাৰ্য্যসূচীৰ পূৰ্বে শীৰ্ষ মন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী মোডী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শীৰ্ষ মন্ত্ৰীসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ সংসদত চৰকাৰৰ কৌশল সম্পৰ্কে আলোচনা কৰে। সভাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰলহদ যোশী, কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ আৰু কিৰেণ ৰিজিজু উপস্থিত থাকে।