সংসদত আক্ৰমণৰ সময়ত পলায়ন কৰিছিল বিজেপিৰ সাংসদ, আজিৰ নিবনুৱাই সময় পাৰ কৰিবলৈ ব্যস্ত আছে ইনষ্টা-ফেচবুকতঃ ৰাহুল গান্ধী

138

সংসদত সাংসদ নিলম্বনৰ বিৰোধিতা কৰি আজি যন্তৰ মন্তৰত উপস্থিত হয় ইণ্ডিয়া মিত্ৰজোঁট। কংগ্ৰেছ, এনচিপি, টিএমচি, সমাজবাদী পাৰ্টিকে ধৰি সকলো দলৰ নেতাই এই প্ৰতিবাদত যোগদান কৰিছে। সাংসদৰ নিলম্বনৰ সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে ১৫০ জন সাংসদক নিলম্বন কৰাটো কেৱল তেওঁলোকৰ অপমান নহয় বৰঞ্চ জনসাধাৰণৰ অপমানহে। সংসদত স্মোক এটেক সন্দৰ্ভত ৰাহুলে কয় যে যেতিয়া অনুপ্ৰৱেশ সংঘটিত হৈছিল তেতিয়া বিজেপিৰ সাংসদে পলায়ন কৰিছিল। যুৱক-যুৱতীসকল আজি সংস্থাপনহীন হৈ পৰিছে আৰু সেয়েহে তেওঁলোকে ইনষ্টা-ফেচবুকত সময় পাৰ কৰিছে।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে নৰেন্দ্ৰ মোদীৰ চৰকাৰত যুৱক-যুৱতীসকলে ৭.৫ ঘন্টা সময় নিজৰ ফোন আৰু ছ’চিয়েল মিডিয়াত কটায়, কাৰণ তেওঁলোকে কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হোৱা নাই। ৰাহুল গান্ধীয়ে কয় যে এয়াই বৰ্তমান ভাৰতৰ প্ৰকৃত অৱস্থা। সেইবাবেই এই যুৱক-যুৱতীসকলে সংসদত আক্ৰমণ চলাইছিল বুলিও মন্তব্য কৰে ৰাহুলে। তেওঁ কয় যে, এই অনুভৱ ভাৰতৰ প্ৰতিজন যুৱকৰ মাজত আছে।

উল্লেখ্য যে, সংসদৰ নিৰাপত্তা সন্দৰ্ভত সদনত প্ৰতিবাদ সাব্যস্ত কৰাৰ অপৰাধতে ১৪৬ গৰাকী সাংসদক লোকসভা-ৰাজ্যসভাৰ পৰা নিলম্বন কৰা হয়।

আজি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, সীতাৰাম য়েচুৰী আৰু শৰদ পাৱাৰেও যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিছে। লক্ষ্ণৌতো ৰাজপথলৈ ওলাই আহিছে কংগ্ৰেছ কৰ্মী। বেগম হজৰত মহল উদ্যানৰ সমীপত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। ইণ্ডিয়া এলায়েন্সৰ ঘোষণাৰ পাছত চৰকাৰৰ বিৰুদ্ধে বিৰোধীৰ এয়া হৈছে প্রথম প্রতিবাদ।

কংগ্ৰেছৰ সাংসদ শশী থাৰুৰও উপস্থিত হৈছে প্ৰতিবাদ। সংসদীয় গণতন্ত্ৰক আক্ৰমণৰ সন্মুখীন হোৱা বুলিও তেওঁ কয়, যিটো অতি গুৰুতৰ। গণতন্ত্ৰৰ সন্মুখীন হোৱা বিপদজনক পৰিস্থিতিৰ প্ৰতি জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰাটোৱেই এই সমাৱেশৰ উদ্দেশ্য বুলি অভিহিত কৰে থাৰুৰে।। তেওঁ কয় যে ইতিহাসত কেতিয়াও ১৪৬ গৰাকী সাংসদ নিলম্বিত হোৱা নাই। থাৰুৰৰ মতে, গণতন্ত্ৰৰ ওপৰত এয়া এক দাগ। তেওঁ কয় যে নিজকে গণতন্ত্ৰৰ মাতৃ বুলি কোৱা আমাৰ দেশৰ প্ৰতি এয়া জাতীয় অপমান।

শশী থাৰুৰে কয় যে যদি পুনৰ বিজেপি আহে তেন্তে সংবিধান বিলুপ্ত কৰাটোও সম্ভৱ। সংবিধানক বচাবলৈ হ’লে তেওঁলোকক ক্ষমতাৰ পৰা আঁতৰাই পেলোৱাটো প্ৰয়োজনীয়। মোদী সংবিধানৰ মেৰুদণ্ড ভাঙিছে বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

আজি যন্তৰ মন্তৰত দিল্লী কংগ্ৰেছৰ সভাপতি অৰবিন্দৰ সিং লাভলী, শৰদ পাৱাৰ, সুপ্ৰিয়া চুলে, কংগ্ৰেছৰ সাংসদ ইমৰান প্ৰতাপগড়ী, আম আদমি পাৰ্টিৰ লোকসভাৰ সাংসদ ৰিংকু সিং, দিগ্বিজয় সিং, ডি ৰাজা, মহম্মদ আজহাৰুদ্দিন, নিলম্বিত সাংসদ অধীৰ ৰঞ্জন চৌধুৰী, মনোজ ঝা, মনীষ তিৱাৰী, জেএমএমৰ সাংসদ মহুৱা মাজী, শশী থাৰুৰ, তাৰিক আনোৱাৰ, এন চি পিৰ সাংসদ ফৌজিয়া খান, সীতাৰাম য়েচুৰী আদি উপস্থিত হয়।