সংবাদ মাধ্যমৰ প্ৰৰোচিত মন্তব্যৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন প্ৰয়াত কংগ্ৰেছ নেতাৰ পত্নীৰ

74

ডিজিটেল ডেস্কঃ সুদৰ্শন টিভি গোচৰৰ মাজতে বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাজীৱ ত্যাগীৰ পত্নী তথা চিকিৎসক ডা০ কোটা নিলীমাই বৈদ্যুতিন মাধ্যমৰ প্ৰৰোচিত মন্তব্যৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে। উল্লেখ্য যে, যোৱা মাহত সংবাদ মাধ্যমৰ এটা অনুষ্ঠানত অংশ লোৱাৰ পিছ মুহূৰ্ততে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটিছিল কংগ্ৰেছ নেতা ৰাজীৱ ত্যাগীৰ।

ৰাজীৱ ত্যাগীৰ মৃত্যুৰ কাৰণ সংবাদ মাধ্যমৰ একাংশ ঘোষক সাংবাদিক আৰু আমন্ত্ৰিত অতিথিৰ প্ৰৰোচিত মন্তব্য বুলি ইতিমধ্যে কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছে। ইফালে ত্যাগীৰ পত্নী ডা০ কোটা নিলীমাৰ লগতে আন এজন কংগ্ৰেছ নেতাৰ পত্নী সংগীতা ত্যাগীয়েও সংবাদ মাধ্যমৰ এনে হিংসা সৃষ্টিকাৰী মন্তব্যৰ বিৰুদ্ধে ন্যায়ালয়ত আবেদন দাখিল কৰিছে।