সংগীত প্ৰেমীৰ বাবে উৰ্দু গজল নগাঁৱত ‘মুস্কুৰাহত’ মুকলি

106

ঋতু পৰ্ণ শৰ্মা, নগাঁও:- ‘মুস্কুৰাহত’ । এক উৰ্দু গজল । শনিবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত গজলটি সংগীতপ্ৰেমীৰ বাবে মুকলি কৰা হয় । এই উপলক্ষে নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী গেদাৰবড়িত লোকশিল্পী প্ৰয়াত গুণ শইকীয়াৰ বাসগৃহত সন্ধ্যা আয়োজিত অনুষ্ঠানত গজলটিৰ অডিঅ’টি শুভ উন্মোচন কৰে ডিমৰীয়া মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ অধ্যাপক মোহিনী মোহন ডেকাই ।

শিৱামণি প্ৰডাকচনৰ বেনাৰত গজলটিৰ ৰচনা হাতীচোং মৌজাৰ চমুৱাগাঁৱৰ গীতিকাৰ- কবি সঞ্জীৱ সাগৰৰ আৰু কণ্ঠদান কৰিছে মাজগাঁৱৰ কণ্ঠশিল্পী জিতু শ্ৰাৱণে । সংগীত অডিঅ’ লেবত বাণীবদ্ধ কৰা ‘মুস্কুৰাহত’ গজলটিৰ সংগীত ব্যৱস্থাপনা মুকুল বৰাৰ আৰু বাণীবন্ধন বেদশীষ শৰ্মাৰ ।

নিবন্ধকাৰ প্ৰাঞ্জল কুমাৰ মহন্তই আঁত ধৰা গজলটিৰ শুভ উন্মোচনী অনুষ্ঠানত বিশিষ্ট নাট্যকাৰ- পৰিচালক পৰাগ তামুলী, দীপাংকৰ দেৱ গোস্বামী,সংগীত শিল্পী দীপাংক শইকীয়া,সাংবাদিক চন্দন জ্যোতি বৰা,ঋতু পৰ্ণ শৰ্মা, জয়ন্ত মুদৈ,গকুল ভাৰতী, মুনজ্যোতি নাথকে ধৰি কেইবা গৰাকী ব্যক্তি উপস্থিত থাকে ।

গজলটিত কীব’ৰ্ডত অভিষেক ধৰ, হাৰমনিয়ামত শিৱ বৰা,মেণ্ড’লিনত ভাস্কৰ জ্যোতি বৰদলৈ,তবলাত অতুল মহন্ত,গীটাৰত মুকুল বৰা আৰু বেছ গীটাৰত বিকু শৰ্মাই বাদ্য সংগত কৰিছে । সংগীত প্ৰেমীৰ বাবে গজলটি ইউটিউব চেনেল B M ENTERPRISEত উপলদ্ধ হ’ব বুলি সঞ্জীৱ সাগৰে জনাইছে ।