পুনৰ বিপদত পৰিছে মহাৰাষ্ট্ৰৰ মিত্ৰজোঁট চৰকাৰ। শাৰদ পাৱাৰে মন্তব্য কৰি কয় যে তৃতীয়বাৰৰ বাবে চৰকাৰ উৎখাত কৰাৰ ষড়যন্ত্ৰ কৰা হৈছে। মঙলবাৰে উদ্ধৱৰ কেবিনেট মন্ত্ৰী একনাথ শিণ্ডে নিৰুদ্দেশ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইয়াৰ পিছতে শাৰদ পাৱাৰে এখন সংবাদমেল আহ্বান কৰে। এনচিপিৰ মুৰব্বীগৰাকীয়ে কয় যে ডেৰ-দুবছৰৰ ভিতৰত এইটো তৃতীয়টো ষড়যন্ত্ৰ।
সেইদিনা শাৰদ পাৱাৰে মুম্বাইলৈ গৈ বাকী পাৰ্টনাৰ সকলৰ লগত কথা পাতিম বুলি কৈছিল। জানিব পৰা মতে, মঙলবাৰে সন্ধিয়া মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক সাক্ষাৎ কৰিব এনচিপিৰ মুৰব্বীগৰাকীয়ে। শিৱসেনাৰ পক্ষত থকাৰ আশ্বাস দি তেওঁ কয়, “কিছু সমাধান ওলাব।”
একনাথ শিণ্ডেয়ে মুখ্যমন্ত্রী পদৰ বাবে দাবী উত্থাপন কৰা বুলিও চর্চা হৈছে৷ শৰদ পাৱাৰে কয় যে, “একনাথৰ ক্ষুব্ধ হৈছে নে নাই নাজানো। এয়া শিৱসেনাৰ আভ্যন্তৰীণ বিষয়। মোৰ লগত তেওঁৰ কোনো যোগাযোগ নাছিল।”
শিৱসেনাৰ শীৰ্ষ নেতা তথা মন্ত্ৰী একনাথ শিণ্ডে নিজৰ অনুগামীৰ সৈতে গুজৰাটৰ চুৰাটৰ এখন হোটেললৈ যোৱাৰ খবৰ আহিছে। জানিব পৰা মতে, তেওঁ মুঠ ১৯ জন বিধায়কৰ সৈতে নিৰুদ্দেশ হৈছে। অৱশ্যে শিৱসেনাই এই তথ্য নাকচ কৰিছে। ইতিমধ্যে একনাথ শিন্দেৰ অৱস্থান উদ্ধাৰ হোৱা বুলি দাবী কৰিছে সঞ্জয় ৰাউটে। “ইয়াৰ লগতে ৰাজস্থান আৰু মধ্যপ্ৰদেশতো ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। উদ্ধৱ থাকৰেৰ চৰকাৰ উৎখাত কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। কিন্তু শিৱসেনাৰ নেতাসকল সকলো আনুগত্যশীল। তেওঁলোক সকলোৱে আনুগত্যশীল হৈ থাকিব।”
মন কৰিব যে মহাৰাষ্ট্ৰৰ MLC নিৰ্বাচনৰ ফলাফল ২০ জুনত প্ৰকাশ পাইছে। ৰাজ্যসভা নিৰ্বাচনৰ দৰেই মহাৰাষ্ট্ৰৰ শাসকীয় মিত্ৰজোঁটেও এই নিৰ্বাচনত বিজেপিক ঠেলি দিছে। ১০ খন আসনৰ ভিতৰত বিজেপিয়ে ৫ খন আসন লাভ কৰে। সূত্ৰ অনুসৰি পঞ্চমখন আসন লাভ কৰা বিজেপিৰ প্ৰাৰ্থীজনৰ সমৰ্থন আছে সৰু সৰু দলৰ বিধায়কৰ উপৰিও মিত্ৰজোঁটৰ কেইবাজনো বিধায়কৰ। জানিব পৰা মতে, মিত্ৰজোঁট চৰকাৰৰ একাংশ বিধায়কে ক্ৰছ ভোটিং কৰি বিজেপিক জয়ী হোৱাত সহায় কৰিছিল। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে মহাৰাষ্ট্ৰত। এই ফলাফলসমূহ প্ৰকাশ পোৱাৰ ২৪ ঘণ্টাৰ ভিতৰতে একনাথ শিন্দেৰ দৰে এজন গুৰুত্বপূৰ্ণ কেবিনেট সদস্য হঠাতে নিৰুদ্দেশ হোৱাটো একাংশই উদ্ধৱ থাকৰেৰ চৰকাৰৰ বাবে এক ডাঙৰ আঘাত বুলি গণ্য কৰে।
