শৰীৰৰ অংগ বিক্ৰী কৰি যেতিয়া পৰিশোধ কৰিবলগা হয় বন্ধন বেংকৰ লোন…

587

পূৰ্বোত্তৰ বিশেষঃ এফালে মূল্যবৃদ্ধি, আনফালে কোৰোনাই সৃষ্টি কৰা পৰিস্থিতি। তাৰ মাজতেই পিষ্ট হৈছে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণী। এসাজ খাই এসাজৰ বাবে চিন্তা কৰিবলগা পৰিস্থিতি এতিয়া দৰিদ্ৰ পৰিয়ালসকলৰ। তাৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি আছেই মাইক্ৰ’ ফাইনেন্সৰ ঋণসমূহ।

প্ৰায় দুটা বছৰ! কোভিডে সৃষ্টি কৰা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে কোনো পূৰ্ব পৰিকল্পনা গ্ৰহণ নকৰাকৈয়ে এৰাতিৰ ভিতৰতে দিয়া লকডাউনে ২০২০ বৰ্ষত কিমানৰ জীৱনলৈ অমানিশা নমাই আনিছিল, সেয়া ভাষাৰে বুজোৱা কঠিন। যাৰ ওচৰত সাচতীয়া আছিল, তেওঁলোকে পৰিয়ালৰ সৈতে এক্ষন্তেক সুখৰ মুহূৰ্ত পাৰ কৰাৰ সুযোগ পাইছিল। কিন্তু দিনটো গেবাৰি নাখাটিলে ৰাতিৰ সাজলৈ যোগাৰ নোহোৱা পৰিয়াল সমূহৰ বাবে সেই সময় আছিল দুৰ্বিসহ। বহুতেই চাকৰি হেৰুৱাইছিল। বহুতেই আত্মসন্মান জলাঞ্জলি দি ধনাঢ্যৰ পৰা সাহায্য গ্ৰহণ কৰিবলৈ গৈ ফটোৰ বাবে প’জ দিবলগা হৈছিল। এনে ৰূঢ় বাস্তৱে কামিহাড় ভাগি পেলাইছিল দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্তসকলৰ।

লকডাউনৰ সময়ত মাহেকত ৫০০ টকা মহিলাৰ জনধন একাউণ্টত ভৰাই দি চৰকাৰখনে ৱাহ ৱাহ ঠিকেই ল’লে। কিন্তু ৫০০ টকাত এটা পৰিয়ালে কেইদিন খাবলৈ পাৰে, সেই কথা চিন্তা কোনোবাই কৰিছেনে?

লাহে লাহে পৰিস্থিতি কিছু শাম কটাত মানুহবোৰে পুনৰ কৰ্মৰ সন্ধানত নামি পৰিছিল। কিন্তু তেতিয়াই বজাৰৰ দামে পুনৰ বিধ্বস্ত কৰিলে তেওঁলোকক। মিঠাতেলে প্ৰতিলিটাৰ ২০০ টকাৰ ঘৰ অতিক্ৰম কৰিলে। দালি, আলু, চেনী- সকলোৰে দাম বাঢ়িল। দিনটোৰ উপাৰ্জনেৰে মানুহবোৰৰ খাবলৈকে নোজোৰা হল।

অৱশেষত আকৌ কোভিডে ত্ৰাস নমালে। সান্ধ্য আইনে আকৌ জুৰুলা কৰিলে সকলোকে। পুৱা ৭ বজাত দোকান খুলি বহ্নি কৰিবলৈ নৌপাওতেই পুনৰ দোকান বন্ধ কৰাৰ সময় নামে। কেঁচা শাক পাচলি বিক্ৰেতা, গাড়ীৰ দ্ৰাইভাৰ-হেণ্ডিমেন, আন ক্ষুদ্ৰ ব্যৱসায়ী, ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী- সকলোৰে পুনৰ পানীত হাঁহ নচৰা অৱস্থা হ’ল। কোভিড আৰু আৰক্ষীৰ ভয়ত চৰকাৰী বিধি নামানিলেও নহয়, মানিবলৈ গ’লেও পেটত গামোচা বান্ধিব লগা অৱস্থাই পৰিয়ালৰ মাজত আতংক নমাই আনিলে।

তাৰ মাজতে ড০ হিমন্ত বিশ্ব শৰ্মাই এদিন ঘোষণা কৰিলে- মাইক্ৰ’ ফাইনেন্সৰ ঋণ ৰেহাই দিয়া হব। এক্ষন্তেক স্বস্তিৰ নিশ্বাস এৰিলে গাঁৱৰ মহিলাসকলে। চৰকাৰ আহিল, হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ শপতো ল’লে। কিন্তু এইবাৰ ঋণ ৰেহাইৰ বাবে বান্ধি দিয়া হ’ল নীতি-নিৰ্দেশনা। চৰকাৰৰ আশাত বাট চাই ৰোৱা বহু পৰিয়ালৰ মূৰত আকৌ সৰগ খন ভাগি পৰিল।

কাম বন্ধ, ব্যৱসায় বন্ধ! জীয়াই থাকিবলৈতো খাবই লাগিব। ঋণ লৈছে যেতিয়া পৰিশোধো কৰিব লাগিব। তাৰ মাজতে যদি পৰিয়ালৰ কোনো জন ৰোগগ্ৰস্ত, তেওঁৰো চিকিৎসা কৰিবই লাগিব।

এনে বহু সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰিল বহু দৰিদ্ৰ পৰিয়াল। তেওঁলোকৰ চকুৰ সন্মুখত কেৱল অন্ধকাৰ আৰু অন্ধকাৰ। বাট নাপাই তেওঁলোকৰ জীৱন স্তব্ধ হৈ পৰিল। কিন্তু সময়তো সদায় গতিশীল…!

তেতিয়াই যেতিয়া কোনোবাই আহি শৰীৰৰ এটা অংগৰ বাবদ গোটেই জীৱনটোত সঞ্চয় কৰিব নোৱাৰা অগণন মূল্যৰ প্ৰলোভন দিয়ে, নভৱা নিচিন্তাকৈয়ে তেওঁলোকে তাৰ বাবে সন্মতি প্ৰদান কৰে। আৰু সেয়াই হ’ল মৰিগাঁও জিলাৰ এখন গাঁৱৰ বহু পৰিয়ালৰ বাবে।

মৰিগাঁও জিলাৰ ধৰমতুল গাঁও। খাটি খোৱা মানুহৰ এই গাঁওখনলৈও কোভিড সৃষ্ট পৰিস্থিতিয়ে নমাই আনিছিল দুৰ্ঘোৰ অমানিশা। প্ৰথমবাৰ লকডাউনত দুই এজন সমাজ হৈতষী লোকে আহি মানুহবোৰৰ মাজত সাহায্য ঠিকেই বিতৰণ কৰিছিল, কিন্তু লাহে লাহে সকলোৰে পিঠি দিলে গাঁওখনলৈ। গাঁওখনৰ বহু পৰিয়ালৰ আৰ্থিক অৱস্থা ইমানেই বেয়া যে এসাজ ভাতৰ বাবে তেওঁলোকে চিন্তা কৰিব লাগে ভাল সময়তে। এতিয়াতো সকলোফালে কেৱল বন্ধ আৰু বন্ধ!

কাৰোবাৰ ঘৰত ৰুগীয়া পিতৃ, কাৰোবাৰ সন্তানটোৱেই দুৰাৰোগ্য ৰোগত আক্ৰান্ত। কাৰোবাৰ আকৌ লোৱা আছে মাইক্ৰ’ ফা্‌ইনেন্সৰ ঋণ। পৰিশোধ কৰিব নোৱাৰাত প্ৰতিদিনে ঘৰলৈ আহি দি থৈ যায় চালিৰ টিনপাত খুলি নিয়াৰ ভাবুকি।

গাঁওখনৰ এনে কঠিন পৰিস্থিতিৰ সময়তে পৰিয়াল সকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিল এগৰাকী মহিলা আৰু এজন ব্যক্তি। তেওঁলোকৰ নাম ৰমেন মেধি আৰু লিলিমাই বড়ো।

দৰিদ্ৰ মানুহখিনিক বুজন পৰিমাণৰ ধন দিয়াৰ প্ৰতিশ্ৰুতি দিলে তেওঁলোকে। বিনিময়ত বিচাৰিলে দেহৰ একোটা অংগ। আচলতে ৰমেন আৰু লিলিমাই দুয়োগৰাকীয়ে দালাল। কিডনীৰ দালাল।

একোজন মানুহৰ কিডনীৰ মূল্য ৪ লাখৰ পৰা ৫ লাখ টকা পৰ্যন্ত! ধৰমতুলৰ বহু পৰিয়ালে ৫ লাখ টকা একেলগে কেতিয়াও দেখা নাই। বহু পৰিয়ালৰ বাবে ইমান টকা লাভ কৰাটো সপোনৰো অগোচৰ। ৫ লাখ টকা পালে কি কৰিব নোৱাৰিব তেওঁলোকে? ঘৰখন নতুনকৈ সজাব্ পাৰিব, অবিবাহিত ছোৱালীজনীক বিয়া দি উলিয়াই দিব পাৰিব, বেমাৰী ল’ৰাটোৰ চিকিৎসা কৰাব পাৰিব আৰু কেইটামান টকা বুঢ়া বয়সলৈকে সঞ্চয়ো কৰিব পাৰিব অথবা কিছু টকাৰে সৰু ব্যৱসায় এটাকে আৰম্ভ কৰিব পাৰিব…!

বিনিময়ত এটা কিডনীয়ে। সেয়া কিনো কথা। তেওঁলোকে শুনিবলৈ পাইছে, মানুহৰ কিডনী দুটা থাকে। তাৰে এটা নোহোৱা হ’লেও মানুহ এজন জীয়াই থাকিব পাৰে। মাথো অলপ দুৰ্বল হব, কেতবোৰ কাম কৰিব নোৱাৰিব। হওঁক, ইমানগাল টকা একেলগে পালে কিয় আৰু কষ্টৰ জীৱন পাৰ কৰিব লাগে??

গাঁওখনৰ কমেও ৩০ জনে কিডনী বিক্ৰী কৰিলে। কৃষ্ণা দাস নামৰ মহিলাগৰাকীয়ে নিজৰ এটা কিডনী বিক্ৰী কৰি ৪.৫০ লাখ টকা পালে। তাৰে তেওঁ পৰিশোধ কৰিলে বন্ধন বেংকৰ লোন। আন এজন লোকৰ সৰু ল’ৰাটো দুৰাৰোগ্য ৰোগত আক্ৰান্ত। দালাল ৰমেন আৰু লিলিমায়ে তেওঁক কিডনীৰ বিনিময়ত ৫ লাখ টকা দিয়াৰ উপৰিও ৰুগীয়া ল’ৰাটোৰ চিকিৎসাৰ দায়িত্ব লোৱাৰ প্ৰতিশ্ৰুতি দিছিল। অৱশ্যে সেই দায়িত্ব পূৰণ নকৰিলে। মানুহজনে নিজৰ কিডনীৰ বাবদ পালে মাত্ৰ ৩.৫০ লাখ টকা। উপায়ন্তৰ হৈ তাতেই তেওঁ সন্তুষ্ট থাকিবলগা হ’ল।

ৰমেন আৰু লিলিমায়ে কিডনী বিক্ৰী কৰিব বিচৰা লোকসকলক প্ৰথমে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ আহে। অহাৰ পূৰ্বে তেওঁলোকক দিয়া হয় কিছু আগধন। তাৰ পিছতে তেওঁলোকক কলকতালৈ লৈ যোৱা হয় আৰু তাতেই কিডনী উলিওৱা হয়।

অৱশ্যে এই দুই দালালে লোকসকল কিডনীৰ নিৰ্ধাৰিত মূল্য প্ৰদান নকৰে। ৫ লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি দি তেওঁলোকে অৱশেষত সৰ্বাধিক ৪ লাখ টকা দিয়েই দৰিদ্ৰ মানুহবোৰক মান্তি কৰোৱায়। গাঁওখনৰ ৩০-৪০ জন লোকেই এতিয়ালৈকে কিডনী বিক্ৰী কৰি এনেদৰে ঠগ খাইছে। এতিয়াও কলকতাত কিডনী বিক্ৰীৰ বাবে এতিয়াও বাহৰ পাতি আছে গাঁওখনৰ ৬-৭জন লোক।

ধৰমতুলৰে এজন কিডনী বিক্ৰেতাই ধনৰ ক্ষেত্ৰত প্ৰৱঞ্চনাৰ বলি হৈ অৱশেষত লিলিমাই বড়োক ৰাইজৰ সহযোগত কৰায়ত্ব কৰি আৰক্ষীক চমজাই দিয়ে। তাৰ পিছতে গাঁওখনৰ এই কিডনী বিক্ৰীৰ ঘটনা পোহৰলৈ আহে। কিন্তু এয়া যেন কেৱল মৰিগাঁও জিলাৰ ধৰমতুল গাঁওৰে কাহিনী নহয়। ৰাজ্যৰ অন্য প্ৰান্ততো দৰিদ্ৰতাৰ সুযোগ লৈ একাংশই মানৱ দেহৰ অংগৰ গোপন বেহা চলাই আছে নেকি, সেয়াহে আতংকৰ বিষয়।

চৰকাৰ প্ৰশাসনে এনে গোপন দালালী আৰু ব্যৱসায়ী চক্ৰৰ উৎখাত কৰাৰ লগতে মানৱ দেহৰ অংগ বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়াবলগা যাতে নহয়, সেই বিষয়েও চিন্তা কৰা উচিত।