শৰাইঘাট দলঙৰ সমীপত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব আন এখন দলংঃ ঘোষণা নীতিন গাডকাৰীৰ

269

শীঘ্ৰে আন এখন দলং নিৰ্মাণ হ’ব ব্ৰহ্মপুত্ৰৰ ওপৰত।

উত্তৰ পাৰত গুৱাহাটীৰ সৈতে সংযোগ কৰি শীঘ্ৰে নিৰ্মাণ কৰা হ’ব দুই তৰপীয়া এখন দলং।

পুৰণি শৰাইঘাট দলঙৰ কাষতে ৰে’ল আৰু বাহন চলাচলৰ বাবে নিৰ্মাণ কৰা হ’ব দলংখন।

দলংখন নিৰ্মাণ কৰিব ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু ৰে’ল মন্ত্ৰণালয়ে।

দলংখনৰ নিৰ্মাণৰ বাবে ধাৰ্য কৰা হৈছে ৯৯৬.৭৫ কোটি টকা।

ব্ৰহ্মপুত্ৰৰ ওপৰত দলংখন নিৰ্মাণৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে।

দলংখন নিৰ্মাণৰ ফলত ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ যাতায়ত অধিক সুচল হ’ব বুলি্ মন্তব্য কৰে গাডকাৰীয়ে।