শ্ৰীমন্ত শংকৰদেৱৰ অনুপ্ৰেৰণাৰে মুখ্যমন্ত্ৰীক জেহাদী হবলৈ আহ্বান মিঞা পৰিষদৰ

174

জেহাদীৰ অৰ্থ ব্যাখ্যা কৰি শ্ৰীমন্ত শংকৰদেৱৰ অনুপ্ৰেৰণাৰে মুখ্যমন্ত্ৰীক জেহাদী হবলৈ আহ্বান মিঞা পৰিষদৰ।
বঙাইগাৱৰ কাবাইটাৰীত মাৰকাজুল মাৰিফ কাৰিয়ানা নামৰ ৩৭ বছৰীয়া মাদ্ৰাছা খন চৰকাৰ প্ৰশাসনে বুল’ডেজাৰ লগাই ধবংস কৰা কাৰ্যত তীব্ৰ অসন্তষ্টি আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম- মিঞা (অসমীয়া)পৰিষদে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে গণতন্ত্ৰক ভুলুষ্ঠিত কৰি অসমীয়া মুছলমান লোকৰ কলিজাত আঘাত হনা বুলি মন্তব্য কৰে মিঞা পৰিষদৰ কেন্দ্ৰীয় উপসভাপতি আব্দুল বাতেনে।

আজি গৌৰীপুৰৰ আলমগঞ্জত মিঞা পৰিষদৰ নেতাজনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি
এনে বিভাজনৰ ৰাজনীতি বন্ধ কৰিবলৈ নেতাজনে মুখ্যমন্ত্ৰীক অনুৰোধ জনায়।
আনহাতে জেহদ আৰু জেহাদীৰ অৰ্থ বিশ্লেষণ কৰি মুখ্যমন্ত্ৰীক ৰাইজৰ কল্যাণৰ বাবে জেহাদী হোৱাৰ আহ্বান জনাই মিঞা পৰিষদৰ আব্দুল নেতাজনে।
আনহাতে, ডিজেষ্টাৰ মেনেজমেণ্ট বিভাগৰ আৰ্হি অনুসাৰে কাবাইটাৰীৰ সেই ঠাইডোখৰত পুনৰ এখন মাদ্ৰাছা নিৰ্মাণৰ দাবী জনাই মিঞা পৰিষদে।