শ্ৰীনগৰত বিদ্যালয়ত দুৰ্বৃত্তৰ গুলিচালনা: দুগৰাকী শিক্ষকৰ মৃত্যু

110

জম্মু-কাশ্মীৰত পুনৰ সংঘটিত হৈছে উগ্ৰপন্থীৰ আক্ৰমণৰ ঘটনা। শ্ৰীনগৰৰ এখন বিদ্যালয়ত প্ৰৱেশ কৰি দুৰ্বৃত্তই কৰা গুলিচালনাত বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু এগৰাকী সহকাৰী শিক্ষক নিহত হোৱা বুলি জানিব পৰা গৈছে।

সংবাদ সংস্থাসমূহৰ মতে, শিক্ষক দুগৰাকীক পইণ্ট ব্লেক ৰেঞ্জৰ পৰা গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই। ইফালে ঘটনা সংঘটিত হোৱাৰ পিছত সেনা আৰু আৰক্ষীয়ে সমগ্ৰ অঞ্চলটোত কটকটীয়া নিৰপত্তাবেষ্টনী গঢ়ি তুলি দুৰ্বৃত্তৰ সন্ধানত নামি পৰিছে। উল্লেখ্য যে, বিগত তিনি দিনত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত জম্মু-কাশ্মীৰৰ ৫ জনকৈ লোকৰ মৃত্যু ঘটিছে।

খবৰ অনুসৰি মৃত শিক্ষক দুগৰাকীক ক্ৰমে সতীন্দৰ কৌৰ আৰু দীপক চান্দ বুলি চিনাক্ত কৰা হৈছে। তেওঁলোক সঙ্গমৰ চৰকাৰী ল’ৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক আছিল।