শ্বিনা বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত মাতৃ ইন্দ্ৰানী মুখাৰ্জীৰ জামিন আবেদন খাৰিজ চিবিআই আদালতৰ…

151

ডিজিটেল ডেস্ক:- বহু চৰ্চিত শ্বিনা বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত তথা মাতৃ ইন্দ্ৰানী মুখাৰ্জীৰ জামিন আবেদন পুনৰ এবাৰ খাৰিজ কৰিলে মুম্বাইৰ চিবিআই আদালতে। স্বাস্থ্যৰ দোহাই দি ইন্দ্ৰানী মুখাৰ্জী ওৰফে পৰী বৰাৰ হৈ অধিবক্তাই দাখিল কৰা জামিন আবেদন খাৰিজ কৰি চিবিআই আদালতে কয় যে এই মুহূৰ্তত জামিন প্ৰদান কৰা সম্ভৱ নহয়।

উল্লেখ্য যে ২০১২ চনত প্ৰাক্তন স্বামী, গাড়ী চালকৰ সহযোগত ইন্দ্ৰানী মুখাৰ্জীয়ে হত্যা কৰিছিল নিজ কন্যা শ্বিনা বৰাক। এই ঘটনা পোহৰলৈ অহাৰ পিছতে হত্যাকাণ্ডৰে জড়িত ড্ৰাইভাৰৰ স্বীকাৰোক্তিৰ ভিত্তিত ২০১৫ চনৰ ২৫ আগষ্টত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ইন্দ্ৰানী মুখাৰ্জীক। ইয়াৰ এদিন পিছতে আৰক্ষীয়ে ইন্দ্ৰানীৰ প্ৰাক্তন স্বামী সঞ্জীৱ খান্নাকো কলকাতাৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আনহাতে পৰৱৰ্তী সময়ত আৰক্ষীয়ে লাভ কৰা বিভিন্ন তথ্য তথা স্বীকাৰোক্তিত ইন্দ্ৰানী মুখাৰ্জীৰ স্বামী পিটাৰ মুখাৰ্জীও এই হত্যাকাণ্ডৰ লগত জড়িত বুলি নিশ্চিত হয়। তাৰ পিছতে ২০১৫ চনৰ নৱেম্বৰত পিটাৰ মুখাৰ্জীকো গ্ৰেপ্তাৰ কৰে মুম্বাই আৰক্ষীয়ে।

উল্লেখ্য যে, আইএনএক্স মিডিয়া কেলেংকাৰীৰ লগতো নাম সাঙোৰ খাই থকা পিটাৰ আৰু ইন্দ্ৰানী মুখাৰ্জী বৰ্তমান কাৰাগাৰত বন্দী জীৱন পাৰ কৰি আছে। অৱশ্যে স্বাস্থ্যজনিত কাৰণত ২০২০ চনৰ মাৰ্চ মাহত পিটাৰ মুখাৰ্জীক জামিন প্ৰদান কৰে আদালতে। কিন্তু শ্বিনা বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত ইন্দ্ৰানী মুখাৰ্জীয়ে বাৰে বাৰে স্বাস্থ্যৰ দোহাই দি জামিনৰ বাবে আবেদন জনাই আহিছে যদিও প্ৰতিবাৰেই আবেদন খাৰিজ কৰি আহিছে আদালতে। ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ ১৫ জুলাইটো ইন্দ্ৰানীৰ জামিন আবেদন খাৰিজ কৰিছিল মুম্বাইৰ এখন আদালতে।