ডিজিটেল ডেস্কঃ ‘শ্বাহৰুখৰ ওপৰত অন্যায় কৰা হৈছে’। -মুম্বাইত এই মন্তব্য তৃণমূল সুপ্ৰিমো মমতা বেনাৰ্জীৰ। বংগৰ মুখ্যমন্ত্ৰীয়ে বুধবাৰে বাণিজ্যিক চহৰ মুম্বাইত বিশিষ্ট ব্যক্তিসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত কেইবাজনো ৰাজনৈতিক নেতা উপস্থিত থাকে। তাত সমাজকৰ্মী, প্ৰাক্তন বিচাৰক আৰু তাৰকাও উপস্থিত থকা পৰিলক্ষিত হয়। বৈঠকত বিজেপিক সমালোচনা কৰি মমতাই কয়, “বিজেপি নিষ্ঠুৰ প্ৰকৃতিৰ।” মমতাই গেৰুৱা শিবিৰটোক ‘অগণতান্ত্ৰিক দল’ বুলিও অভিহিত কৰে। তেওঁ সকলোকে ২০২৪ চনৰ যুদ্ধৰ বাবে প্ৰস্তুত আৰু একত্ৰিত হ’বলৈ পৰামৰ্শ দিয়ে।
মমতাই কয়, “ভাৰতে জনশক্তিত বিশ্বাস কৰে। পেশীশক্তিৰ ওপৰত নহয়। এই মুহূৰ্তত আমি এটা অগণতান্ত্ৰিক দলৰ সন্মুখত আছো। যদি আমি একেলগে যুঁজ দিওঁ, আমি জিকিম।” দুদিনীয়া মুম্বাই ভ্ৰমণত তৃণমূলৰ চুপ্ৰিমোৱে কয়, “মহেশজী, আপোনাৰ ওপৰত অন্যায় কৰা হৈছে। শ্বাহৰুখ খানৰ ওপৰত অন্যায় কৰা হৈছে। আমি জিকিব লাগিব। আৰু যদি আপুনি জিকিব বিচাৰে, আপুনি যুঁজিব লাগিব। আমাক পৰামৰ্শ দিয়ক। আপুনি কি ক’ব বিচাৰে মোক কওঁক। আপুনি পৰামৰ্শ দিব পাৰে। ‘
উল্লেখ্য যে প্ৰথমবাৰৰ বাবে আৰিয়ান গোচৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মমতা বেনাৰ্জীয়ে। ইফালে, সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত, ৰিয়া চক্ৰৱৰ্তীৰ সৈতে মহেশ ভট্টৰ সম্পৰ্কক লৈ যথেষ্ট অপবাদৰ প্ৰচাৰ হৈছিল। ছত্ৰপতি শিৱাজীৰ ওপৰত ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতাৰ কথা উল্লেখ কৰি মমতাই লগতে কয়, “বংগ আৰু মহাৰাষ্ট্ৰৰ মাজত এখন দলং আছে। ‘
তৃণমূল কংগ্ৰেছে বৰ্তমান সৰ্বভাৰতীয় পৰ্যায়ত নিজৰ স্থিতি সবল কৰাত ব্যস্ত হৈ পৰিছে। যশৱন্ত সিনহা, পৱন বাৰ্মা আৰু মুকুল চাংমাকে আদি কৰি বহু ৰাজনৈতিক নেতাই ইতিমধ্যে তৃণমূলত যোগদান কৰিছে। ইফালে, মমতা বেনাৰ্জী দিল্লী ভ্ৰমণৰ পিছত মুম্বাই ভ্ৰমণলৈ আহিছে। তেওঁৰ সৈতে অভিষেক বেনাৰ্জীও আছে।
