শোণিতপুৰৰ আৰক্ষী অধীক্ষক ড০ ধনঞ্জয় ঘানাৱতৰ নেতৃত্বত শোণিতপুৰ আৰক্ষীৰ এটা দলে অভিযান চলাই মঙ্গলবাৰে পৰুৱা চাৰিআলিৰ পৰা দুজন ভুৱা আলফা কেডাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এজন ব্যৱসায়ীৰ পৰা দাবী কৰা ধন নিবলৈ অহাৰ সময়তে ভুৱা আলফা সদস্য দুজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
ধৃত লোকদুজন ক্ৰমে ৰঞ্জিত মহন্ত (৫৮) আৰু মলয় গোস্বামী (৪৯) বুলি জানিবলৈ দিছে আৰক্ষীয়ে। দুয়োজনকে গ্ৰেপ্তাৰ কৰাৰ পিছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। আৰক্ষীয়ে সদৰী কৰা মতে জিলাখনৰ বহুকেইটা ধন দাবীৰ ঘটনাৰ সৈতে দুয়োজন অভিযুক্ত জড়িত আছিল।