তেজপুৰঃ এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত শোণিতপুৰ জিলাৰ কেকাকুলি নেপালী গাঁৱত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে। ডিএছপি (বি) সুধন্যা শুক্লবৈদ্যৰ নেতৃত্বত আৰক্ষীয়ে নজৰুল ইছলাম ওৰফে চুনুৰ পত্নী চুমী লামা দাসৰ ঘৰত অভিযান চলাই ড্ৰাগছখিনি জব্দ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে ৭৫ টা সৰু প্লাষ্টিকৰ পাত্ৰত ৰখা ড্ৰাগছ, নগদ ৫,৯০০ টকা আৰু চাৰিটা মোবাইল ফোন জব্দ কৰে। এই সন্দৰ্ভত চুমি লামা দাসক গ্ৰেপ্তাৰ কৰা হৈছে। ইফালে, আৰক্ষীয়ে ঘটনাটোৰ অধিক তদন্ত আৰম্ভ কৰিছে।
