দুৰ্ঘটনাৰ অভাৱ নাই। মৃত্যুও ঘটে। তথাপিও ৰিস্কি চেলফি, বিপদজনক ৰিল বনোৱা হৈয়েই আছে। কৰ্ণাটকত ইনষ্টাগ্ৰামৰ বাবে ৰিল বনোৱাৰ সময়তে মৃত্যু হয় এজন যুৱকৰ। জলপ্ৰপাতত শিলৰ ওপৰত থিয় হৈ থকা অৱস্থাত ভিডিঅ ৰেকৰ্ডিং কৰি থকাৰ সময়তে যুৱকজনৰ হঠাৎ ভৰি পিছলি সোঁতত উটি যায়। চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই চাঞ্চল্যকৰ দৃশ্য।
আৰক্ষীৰ সূত্ৰ অনুসৰি ২৩ বছৰীয়া মৃত যুৱকজনৰ নাম শৰত কুমাৰ। শিৱমোগ্গা জিলাৰ ভদ্ৰৱতী অঞ্চলত তেওঁৰ ঘৰ। শিৱমোগৰী আৰাশিনাগুণ্ডিৰ বিখ্যাত জলপ্ৰপাতত সংঘটিত হয় এই দুৰ্ঘটনা। শৰত বন্ধু এজনৰ লগত জলপ্ৰপাত চাবলৈ আহিছিল। ইনষ্টাগ্ৰামৰ বাবে ৰিল বনোৱাৰ সময়তে এই ঘটনা ঘটে।
এই ঘটনাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীয়ে উদ্ধাৰৰ কাম আৰম্ভ কৰে। কিন্তু এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই যুৱকজনৰ মৃতদেহ।
