গৰু বিহুক লৈ ৰাজ্যৰ উলহ মালহ পৰিস্থিতিৰ মাজতে বৰপেটা জিলাৰ সৰভোগত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল এ২ যুৱকৰ। সৰভোগৰ কিচমৎ দ্বাৰিকাত এখন ৰখাই থোৱা ট্ৰাকত খুন্দা মৰাৰ ফলত নিহত হয় বাইক আৰোহী যুৱক দুজনৰ।
নিহত যুৱক দুজনক মোহা বড়ো (১৮) আৰু অনচুমা ৰামচিয়াৰী (১৮) বুলি চিনাক্ত কৰা হৈছে। নিহত দুয়োৰে ঘৰ নলবাৰী জিলাৰ বেঞ্চিমাৰী জোপাগাঁৱত।
জানিব পৰা মতে, দুয়ো এএছ১৪ কে ৩৫৫১ নম্বৰৰ বাইকেৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা সময়ত বাঁহ লোড কৰিবলৈ ৰখাই থোৱা এনএল ০১এএ ৪১৪১ নম্বৰৰ এখন ট্ৰাকত খুন্দা মাৰে। যাৰ ফলত বাইক আৰোহী দুজনৰ থিতাতে মৃত্যু ঘটে।
ইফালে দুৰ্ঘটনাৰ পিছত ট্ৰাকখন লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে চালকে। স্থানীয় লোকৰ অভিযোগ অনুসৰি পালেংবাৰীৰ কৰিম নামৰ এজন বাঁহ বেপাৰীয়ে অবৈধভাৱে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক ৰখাই দীৰ্ঘদিনৰ পৰা বাঁহ লোড কৰি আহিছে। যাৰ ফলত পূৰ্বেও দুৰ্ঘটনা সংঘটিত হৈছে।
