এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৯ গৰাকী শিক্ষকসহ প্ৰাণ হ’ল ১৩ জনকৈ লোকৰ। দুৰ্ঘটনাত আহত আন ৪ জন। শনিবাৰে মাজ নিশা এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ইৰাকৰ ৰাজধানী বাগদাদৰ পৰা প্ৰায় ১১০ কিলোমিটাৰ নিলগৰ বাবিলৰ প্ৰদেশত।
ইৰাকী অভ্যন্তৰীণ মন্ত্ৰালয়ৰ যান-বাহন সঞ্চালকালয়ে প্ৰকাশ কৰা অনুসৰি বাবিলৰ প্ৰদেশৰ ৰাজধানী উত্তৰ হিল্লাৰত এখন চাৰিচকীয়া বাহন আৰু মিনিবাছৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাৰ ফলত মিনিবাছখনত থকা ৯ গৰাকী বিদ্যালয় শিক্ষকসহ ১৩ জন নিহত হয়। আনহাতে আহত ৪ জনক উদ্ধাৰ কৰি পৰৱৰ্তী সময়ত হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
বাতৰি অনুসৰি, দুয়োখন বাহনৰ অনিয়ন্ত্ৰিত গতিবেগৰ বাবে এই দুৰ্ঘটনা সংঘটিত হয়। স্থানীয় নিৰাপত্তা সূত্ৰই প্ৰকাশ কৰা মতে, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত শিক্ষক কেইগৰাকীয়ে কাৰবালাৰ পৰা বাগদাদলৈ গৈ আছিল।
