শোকাবহ! ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰা দলৰ ট্ৰাক, ৬ জনৰ মৃত্যু

159

বুধবাৰে ওড়িশাৰ ময়ূৰভঞ্জ জিলাৰ বাংৰিপোছি অঞ্চলৰ দ্বাৰসুনি ঘাটিত ৰাষ্ট্ৰীয় ঘাইপথ ৪৯ত এখন যাত্ৰা দলৰ ট্ৰাক পথৰ দাঁতিত বাগৰি পৰাৰ ফলত ছয়জন লোকৰ মৃত্যু হয়।

এই দুৰ্ঘটনাত ৯ জন লোক গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাৰ পিছতে আহত সকলক স্থানীয় লোকে উদ্ধাৰ কৰি বৰিপাড়াৰ পি আৰ এম মেডিকেল কলেজ এণ্ড হাস্পতালত ভৰ্তি কৰোৱায়। আহত সকলৰ দুজনৰ অৱস্থা সংকটজনক বুলি জনাইছে চিকিৎসকে।

জানিব পৰা মতে, ধৌলি গণনাট্য নামৰ এটা যাত্ৰা দলৰ শ্ৰমিকক কঢ়িয়াই নিয়া ট্ৰাকখন দুৰ্ঘটনাৰ সময়ত ৰায়ৰংপুৰৰ পৰা বালাসুৰৰ জলেশ্বৰ অঞ্চল অভিমুখে গৈ আছিল। আৰক্ষীয়ে সদৰী কৰা মতে, দুৰ্ঘটনাৰ সময়ত ট্ৰাকখনত ১৬ জন লোক আছিল। পুৱা প্ৰায় ১০.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।

ইফালে, স্থানীয় সূত্ৰই জনোৱা মতে, বালাসুৰ জিলাৰ জলেশ্বৰৰ সোলাপাটা অঞ্চললৈ গৈ আছিল দলটো। যাত্ৰা দলৰ লাইট আৰু চাউণ্ড চিষ্টেম কঢ়িয়াই অনা ট্ৰাকখনে হঠাতে দ্বাৰসুনি ঘটিত কিছু কাৰিকৰী বিজুতিৰ সন্মুখীন হয় আৰু সেই স্থানত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ৱালত খুন্দা মাৰি লুটি খাই পৰে।

এই খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোকে সেই স্থানত উপস্থিত হৈ আহত লোকক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰে।

এই শোকাৱহ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী নবীন পাটনাইকে মৃত ব্যক্তিসকলৰ পৰিয়ালক ৩ লাখ টকাকৈ আৰ্থিক ক্ষতিপূৰণ প্ৰদানৰ ঘোষণা কৰিছে। লগতে আহত লোকসকলৰ পৰ্যাপ্ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।