নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ দুটা দিন পাৰ হোৱাৰ পিছতো সন্ধান পোৱা নাই চিকিৎসক ডাঃ বিক্ৰমজিত বৰুৱা আৰু জান বৰাৰ। উল্লেখ্য যে, বুধবাৰে সন্ধিয়া নিমাতী ঘাটত দুখন ফেৰীৰ মাজত সংঘটিত হৈছিল সংঘৰ্ষ। এই ঘটনাৰ পিছৰে পৰাই সন্ধানহীন হৈ আছে ব্যক্তি দুগৰাকী।
ইফালে আজি নিমাতীঘাটৰ পৰিস্থিতিৰ বুজ লবলৈ মাজুলীত উপস্থিত হব কেন্দ্ৰীয় মন্ত্ৰী তথা মাজুলী সমষ্টিৰ দুবাৰৰ বিধায়ক সৰ্বান্দন সোনোৱাল। পুৱা নতুন দিল্লীৰ পৰা আহি ডিব্ৰুগড়ত উপস্থিত হৈ তাৰ পৰাই মাজুলীলৈ ৰাওনা হ’ব সৰ্বানন্দ সোণোৱাল।
আনহাতে, আজিও অব্যাহত আছে এন ডি আৰ এফ আৰু এছ ডি আৰ এফ বাহিনীৰ উদ্ধাৰ অভিযান।
