শোকাবহ পথ দুৰ্ঘটনাত শিশুসহ একেটা পৰিয়ালৰে মৃত্যু ৬ সদস্যৰ

93

শনিবাৰে তেলেংগানাৰ কামাৰেড্ডী জিলাত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে শিশুসহ ৬ জন সদস্য নিহত হয়। শনিবাৰে বিয়লি বানচৱাড়াৰ ওচৰৰ বিচকুণ্ডা মণ্ডলত ১৬১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰখাই থোৱা এখন লৰীত পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰে এখন SUV বাহনে। যাৰ ফলত ১২ জন যাত্ৰী কঢ়িয়াই অনা বাহনখনৰ সন্মুখভাগ চূৰ্ণ বিচুৰ্ণ হৈ পৰে। দুৰ্ঘটনাৰ একেটা পৰিয়ালৰ শিশুসহ ৬ জন লোকৰ কৰুণ মৃত্যু ঘটে।

জানিব পৰা মতে, হায়দৰাবাদৰ চাদৰঘাট চুবুৰীয়াৰ এটা পৰিয়ালৰ সদস্যসকলে SUV বাহনখনেৰে মহাৰাষ্ট্ৰৰ নান্দেদৰ দৰগাহ ভ্ৰমণৰ পৰা উভতি অহাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়।

বনচৱাড়া ডিএছপি জয়পাল ৰেড্ডীৰ মতে, চাদৰঘাটৰ বাসিন্দা আমিৰ তাজ দুদিন আগতে তেওঁৰ পৰিয়ালৰ সৈতে দৰগাহ ভ্ৰমণৰ বাবে গৈছিল। ১৮ ডিচেম্বৰত তেওঁলোক ভ্ৰমণৰ পৰা উভতি অহাৰ পথতে দ্ৰুতবেগী বাহনখনে পথৰ দাঁতিত ৰখাই থোৱা এখন লৰীত খুন্দা মাৰে। বানচৱাড়া বিভাগৰ পেড্ডা কোডাপগল আৰক্ষী থানাৰ সমীপতে সংঘটিত হয় এই দুৰ্ঘটনা।

দুৰ্ঘটনাটোত দুগৰাকী মহিলা আৰু দুটা শিশুসহ মুঠ ৬ জনৰ মৃত্যু ঘটে। এই শোকাবহ দুৰ্ঘটনাত বাহনখনৰ চালক আৰু তেওঁৰ কাষৰ চিটত বহি থকা আমিৰ তাজৰো মৃত্যু হয়। বাকী ছয়জন লোকক চিকিৎসাৰ বাবে বনচৱাড়া চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আহত সকলৰ কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে।