শোকাবহ! তেজপুৰত ডাম্পাৰৰ খুন্দাত ৫ বছৰীয়া শিশুৰ মৃত্যু

629

তেজপুৰঃ সোমবাৰে তেজপুৰত ডাম্পাৰৰ দৌৰাত্ম্যই প্ৰাণ কাঢ়িলে এটি ৫ বছৰীয়া শিশুৰ।

জানিব পৰা মতে, তেজপুৰৰ বৰঘাট আৰক্ষী আউটপোষ্টৰ ঠিক সন্মুখতে সংঘটিত হৈছে এই ঘটনা।

প্ৰত্যক্ষদৰ্শীৰ মতে, দ্ৰুতবেগী এখন ডাম্পাৰে পথৰ কাষত ৰৈ থকা শিশুটিক খুন্দা মৰাত ঘটনাস্থলীতে মৃত্যু ঘটে কণমানি শিশুটিৰ।

ইফালে এই ঘটনা সংঘটিত কৰা এএছ ১২এচি ৪৯১৮ নম্বৰৰ ডাম্পাৰখন ইতিমধ্যে জব্দ কৰিছে আৰক্ষীয়ে।

আনহাতে, শিশুটিৰ মৃত্যুৰ পিছতে ক্ষুব্ধ স্থানীয় ৰাইজে ৰাজপথলৈ ওলাই অহাত অঞ্চলটোত প্ৰতিবাদৰ সূত্ৰপাত ঘটে।