পৱন নীল কাশ্যপ ৰিপ’ৰ্ট, ৰঙিয়াঃ গণতান্ত্ৰিক প্ৰতিবাদক দমন কৰাৰ নামত শুৱালকুছিত আছু কৰ্মীৰ ওপৰত হোৱা অমানৱীয় অত্যাচাৰৰ বিৰুদ্ধে সোমবাৰে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিমুৰ্তী দাহ কৰে৷
উল্লেখ্য যে, “কা” আৰু EIA বাতিলৰ দাবীত শুৱালকুছিত জোঁৰ লৈ সমদল কৰাৰ সময়ত আৰক্ষীয়ে নিৰ্বিচাৰ লাঠিচালনা কৰাৰ ফলত কে’বাজনো আছু কৰ্মী আহত হৈছিল৷ এই ঘটনাৰ বিৰুদ্ধে আছুৱে ৰাজ্যজুৰি প্ৰতিবাদৰ আহ্বান কৰিছিল৷ ৰঙিয়াতো সোমবাৰে আছু কৰ্মীসকলে ৰঙিয়া হাইৱে চ’কত মুখ্যমন্ত্ৰী সোনোৱালৰ প্ৰতিমুৰ্তী দাহ কৰি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে৷
উল্লেখযোগ্য যে উক্ত কাৰ্যসূচীৰ সমযতে ৰঙিয়া আৰক্ষী উপস্থিত হৈ বাধা প্ৰদান কৰাত প্ৰতিবাদ কাৰী সকল আৰক্ষী বিৰুদ্ধে সোচ্চাৰ হৈ পৰে ৷