শীঘ্ৰেই ভাৰতত আৰম্ভ হ’ব অত্যাধুনিক স্বয়ংক্ৰিয় ৰে’ল

55

অতি শীঘ্ৰেই ভাৰতত আৰম্ভ হ’ব স্বয়ংক্ৰিয় ৰে’লসেৱা ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ ডিচেম্বৰত উদ্বোধন কৰিব এই ৰে’লসেৱা ৷ দিল্লী মেট্ৰ’ৰ মেজেণ্টা লাইনত মোদীয়ে মুকলি কৰিব দেশৰ প্ৰথমখন সম্পূৰ্ণৰূপে স্বয়ংক্ৰিয় ৰে’ল ৷ ৩৭ কি:মি: দৈঘ্যৰ এই মেজেণ্টা লাইনে সংযোগ কৰিছে দিল্লীৰ জনকপুৰী ৱেষ্ট আৰু নইডাৰ বোটানিকেল গাৰ্ডেন ৷

যোগাযোগভিত্তিক ৰে’ল নিয়ন্ত্ৰণ ( CBTC) নামৰ হাইটেক সংকেত প্ৰযুক্তি প্ৰয়োগ কৰা হৈছে এই চালকবিহীন ৰে’লত৷ এই ৰে’ল চলাচলত অনুমতি প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰীৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ দ্বাৰা সংশোধন কৰা হৈছে The Metro Railways General Rules-2015 ৷ ২৫ ডিচেম্বৰত দিল্লী মেট্ৰ’ ৰে’ল কৰ্প’ৰেচনৰ ১৮ বছৰ সম্পূৰ্ণ হৈছে আৰু সোমবাৰে মুকলি কৰিব স্বয়ংক্ৰিয় ৰে’লসেৱা ৷ DMRC ৰ phase-||| ৰ অংশ হিচাপে নিৰ্মাণ কৰা হৈছে এই অত্যাধুনিক প্ৰযুক্তি ৷

উল্লেখ্য যে, একেদিনাই প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব  National Common Mobility Card ( NCMC)৷ দিল্লী মেট্ৰ'ৰ এয়াৰপৰ্ট এক্সপ্ৰেছ লাইনত যাত্ৰা কৰিবৰ বাবে  সম্পূৰ্ণ কাৰ্যকৰী হ’ব এই NCMC ৷