শীঘ্ৰে বজাৰত উপলব্ধ হ’ব অতি কম দামৰ ‘ভাৰত চাউল’। এই চাউলৰ বজাৰৰ বজাৰ মূল্য হ’ব প্ৰতিকিলোত ২৫ টকা। এই চাউল পোৱা যাব ৰাষ্ট্ৰীয় সমবায় উপভোক্তা ফেডাৰেচন, ৰাষ্ট্ৰীয় কৃষি সমবায়, বিপণন সংস্থা আৰু কেন্দ্ৰীয় পণ্যাগাৰৰ অন্তৰ্গত স্থানসমূহত। বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিৰ পৰা ৰাইজক সকাহ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে বিশেষ আঁচনি।