শীঘ্ৰে নিৰ্মান হব “শক্তিমান”ৰ ছবি…

63

ডিজিটেল ডেস্কঃ পুনৰ আহি আছে ‘শক্তিমান’। ৯০ৰ দশকৰ টিভিৰ আটাইতকৈ জনপ্ৰিয় ধাৰাবাহিক শক্তিমান এইবাৰ ছবিৰ ৰূপত আহি আছে। এই কথা প্ৰকাশ কৰিছে শক্তিমানৰ পৰিচালক তথা মুখ্য অভিনেতা মুকেশ খান্নাই। তিনিখন ফ্ৰেন্সাইজি ছবিৰ ৰূপত শক্তিমান নিৰ্মাণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

মুকেশ খান্নাই কয়, ‘এয়া মোৰ কাৰণে এক সপোন বাস্তৱ হোৱাৰ দৰেই। শক্তিমান ভাৰতৰ প্ৰথম চুপাৰহিৰ’ আছিল, আছে আৰু চিৰদিন থাকিব। মই নিজেও শক্তিমানক চুপাৰ টিচাৰ বুলি ক’বলৈহে ভাল পাও। শক্তিমান চাই, শক্তিমানৰ পৰা শিকি বহু শিশু ডাঙৰ হৈছে। শক্তিমান কেৱল মনোৰঞ্জনৰ বাবেই নাছিল, আছিল শিক্ষাৰ পথ প্ৰদৰ্শকো। মই সুখী যে, আমি পুনৰ ঘূৰি আহিবলৈ সাজু হৈছো।’ শক্তিমান ২.০ৰ শ্বুটিং ২০২১ৰ মধ্যভাগৰ পৰা আৰম্ভ হ’ব বুলিও জানিবলৈ দিয়ে মুকেশ খান্নাই।

উল্লেখ্য যে, ১৯৯৭ চনৰ পৰা ২০০৫ চনলৈ টিভিত সম্প্ৰচাৰিত হৈছিল শক্তিমান। সেই সময়ৰ টিভিৰ আটাইতকৈ জনপ্ৰিয় ধাৰাবাহিক হিচাপে পৰিগণিত হৈছিল শক্তিমান। শক্তিমানৰ চৰিত্ৰত অভিনয় কৰি মুকেশ খান্নাইয়ো লাভ কৰিবলৈ সক্ষম হৈছিল অভূতপূৰ্ব সমাদৰ।