নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিজেপি চৰকাৰৰ ঢাক-ঢোল বজাই শিক্ষক নিযুক্তি দিয়াৰ চক্ৰান্ত উদঙালে নিম্ন প্ৰাথমিক বিদ্যালয়ৰ কৰ্মৰত তৃতীয় সহকাৰী শিক্ষক সন্থাই। অৱসৰপ্ৰাপ্ত আৰু ইহলীলা সম্বৰণ কৰা লোকক নিযুক্তি দিয়াৰ লগতে একোজন শিক্ষকক তিনিখন পৰ্যন্ত বিদ্যালয়ত নিযুক্তি প্ৰদান কৰা বুলি গুৰুতৰ অভিযোগ উৎথাপন কৰিছে সন্থাই৷ ডিব্ৰুগড়ত এক সংবাদ মেল যোগে নিম্ন প্ৰাথমিক বিদ্যালয়ৰ কৰ্মৰত তৃতীয় সহকাৰী শিক্ষক সন্থাই বঞ্চিত শিক্ষকক নিযুক্তি দিবলৈ দুদিনৰ সময়সীমা বান্ধি দিয়ে চৰকাৰক। অন্যথাই শদিয়াৰ পৰা ধুবুৰী লৈকে বঞ্চিত ৰাজ্যৰ প্ৰায় ৭০০ শিক্ষকে গুৱাহাটী কঁপাব বুলি কয়। আনহাতে নিৰ্বাচনী কৰ্তব্য বৰ্জন কৰা লগতে ভোট বৰ্জন কৰিব বঞ্চিত শিক্ষকসকলে।
যোৱা জানুৱাৰীত-ফেব্ৰুৱাৰীত বিজেপি চৰকাৰে দিয়া শিক্ষক নিযুক্তিৰ পৰা নিম্ন প্ৰাথমিকৰ প্ৰায় ৭০০ শিক্ষক বাদ পৰাৰ অভিযোগ তোলে সন্থাই। অৱসৰপ্ৰাপ্ত আৰু মৃত্যুবৰণ কৰা শিক্ষকৰ নামতো নিযুক্তি পত্ৰ দিয়াৰ গুৰুতৰ অভিযোগ তোলে। শুকুৰবাৰে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেল যোগে এই বিস্ফোৰণ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ কৰ্মৰত (৩য় পদৰ) সহকাৰী শিক্ষক সন্থাৰ।
উল্লেখ্য যে, ২০১৩ চনত বিদ্যালয় পদ প্ৰাদেশিকৰণ পৰা বাদ পৰা প্ৰায় ৭০০ শিক্ষকক শেহতীয়াকৈ চৰকাৰে সমাপন কৰা নিযুক্তি প্ৰক্ৰিয়াৰ পৰাও বঞ্চিত কৰা বুলি ক্ষোভ প্ৰকাশ কৰি সংবাদ মেলৰ জৰিয়তে অভিযোগ উত্থাপিত কৰি অহা দুদিনৰ ভিতৰত সমস্যা সমাধান নকৰিলে ১ মাৰ্চত শদিয়াৰ পৰা ধুবুৰীৰ সমূহ শিক্ষকে প্ৰতিবাদ কৰিব বুলি সকিয়নী দিয়ে। আনহাতে যোৱা ১০-১১ ফেব্ৰুৱাৰীত শিক্ষামন্ত্ৰীক সাক্ষাৎ কৰাৰ সময়ত চৰকাৰে কেবিনেটত সিদ্ধান্ত ল’ব বুলি কথা দিছিল যদিও এই বিষয়টো আলোচনাই নকৰা বুলি ক্ষোভ প্ৰকাশ৷ আগন্তুক নিৰ্বাচনত ভোট বৰ্জন আৰু নিৰ্বাচনী কৰ্তব্যৰ পৰা বিৰত থাকিব বুলি সকিয়নী দিয়ে।
