শিৱসাগৰত দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি

410

শিৱসাগৰত দুৰ্গা পূজাৰ প্ৰস্তুতি

৩০ ফুট উচ্চতাৰ দশাননৰ সুবিশাল মুখাৰে পূজাৰ মণ্ডপত চমক দিবলৈ সাজু শিৱসাগৰৰ শিল্পী সুজিত বৰুৱা।

শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ এটা দিন । ৰাজ্যজুৰি দুৰ্গোৎসৱৰ ব্যাপক প্ৰস্তুতি । প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত মৃৎ শিল্পী । দশাননৰ সুবিশাল মুখাৰে শিৱসাগৰৰ ঐতিহাসিক বাৰোৱাৰী পূজা মণ্ডপত চমক দিব মুখা শিল্পী সুজিত বৰুৱাই ।

৩০ ফুট উচ্চতাৰ ৰাৱনৰ প্ৰতিমূৰ্ত্তিৰে পূজাৰ মণ্ডপ সাজু কৰি তুলিছে । সম্পূৰ্ণ থলুৱা সামগ্ৰীৰে শিল্পীগৰাকীয়ে নিৰ্মাণ কৰি উলিয়াইছে ৰাৱনৰ এই সুবিশাল মুখা ।

উল্লেখ্য যে, এইবাৰ শিৱসাগৰৰ বাৰোৱাৰী দুৰ্গোৎসৱ সমিতিয়ে বৃহৎ পেণ্ডেলৰ পৰিবৰ্তে মুখা শিল্পৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত পূজা মণ্ডপ নিৰ্মাণৰ পৰিকল্পনাৰ পুৰ্ণ প্ৰয়াস । মুখাৰে মণ্ডপ নিৰ্মাণ কৰা পৰিকল্পনাৰ সকলো দায়িত্ব প্ৰদান কৰিছিল মুখা শিল্পক বিশ্বদৰবাৰত প্ৰতিষ্ঠা হোৱাকৈ অহৰহ প্ৰয়াস অব্যাহত ৰখা শিল্পী সুজিত বৰুৱাক ।

শিৱসাগৰৰ ঐতিহাসিক বাৰোৱাৰী দুৰ্গোৎসৱ সমিতিয়ে প্ৰদান কৰা দায়িত্ব নিষ্ঠাৰে পালন কৰি শিল্পী বৰুৱাই ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ কৰিছে দশাননৰ সুবিশাল মুখাৰ । এইবাৰ শিৱসাগৰৰ শাৰদীয় দুৰ্গোৎসৱত দৃষ্টি আকৰ্ষণ কৰিব সকলোৰে ।