শিৱসাগৰত ONGCৰ তৈল খাদৰ পৰা ওলোৱা বিষাক্ত গেছে প্ৰাণ লৈছে হাজাৰ হাজাৰ গছ মুগাৰ

82

এক মৰ্মান্তিক দৃশ্য। শিৱসাগৰত ONGCৰ তৈল খাদৰ পৰা ওলোৱা বিষাক্ত গেছে প্ৰাণ লৈছে হাজাৰ হাজাৰ গছ মুগাৰ। দিশহাৰা মুগা পালক সকল।

শিৱসাগৰ জিলাৰ বকতাত অ’এনজিচিৰ উত্তৰ-পৰীয়া তৈল ক্ষেত্ৰৰ অন্তৰ্গত বিভিন্ন এলেকাত বহু মুগা পালকে অতীজৰ পৰাই পৰম্পৰাগতভাৱে মুগা পালন কৰি আত্মনিৰ্ভৰশীল হোৱাৰ লগতে ঐতিহ্যপূৰ্ণ তথা চহকী মুগা শিল্পটোক জীয়াই ৰখাত আত্মনিয়োগ কৰি আহিছে।

বৰ্তমান সময়ত তেওঁলোকৰ বাবে এতিয়া অভিশাপ স্বৰূপ হৈ পৰিছে উদ্যোগটো। কৃষি প্ৰধান বকতা অঞ্চলত মুগা পালনৰ লগত জড়িত লোকসকল অ’এনজিচিৰ ভয়ানক প্ৰদুষণৰ বাবে বৰ্তমান চৰম হতাশগ্ৰস্ত হৈ পৰিছে। মুগাপালকসকলৰ চুমনিৰ মুগা অ’এনজিচিৰ খাদৰ পৰা নিৰ্গত হোৱা বিষাক্ত ৰাসায়নিক পদাৰ্থ, গেছ আৰু ধোঁৱাৰ বাবে গছৰ মুগা গছতে মৰি গৈছে। মুগা পালনেৰে অৰ্থ উপাৰ্জন কৰি পৰিয়াল পোহপাল দিয়া এইসকল লোকে এতিয়া হতাশাত মূৰে- কপালে হাত দিছে। আজি বকতানেমুগুৰিৰ এজন মুগা পালক ভূপেন চূতীয়াই তেওঁৰ চুমনিৰ যথেষ্ট সংখ্যক মুগা কাষৰ অ’এনজিচিৰ EV 2004 নম্বৰৰ তেল খাদৰ পৰা প্ৰদুষণ হোৱাৰ ফলতে নষ্ট হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

ONGC কৰ্তৃপক্ষক ইয়াৰ ক্ষতিপূৰণ দিবলৈ মুগা পালক সকলে দাবী জনোৱাৰ লগতে অ’এনজিচিৰ বিপক্ষে খাদ বন্ধৰ দৰে প্ৰতিবাদী কাৰ্যসূচী হাতত লব বুলিও জানিবলৈ দিছে।