শিৰচ্ছেদ কৰি এজন লোকে কটা মূৰ হাতত লৈ ওলাল গৈ থানা

162

এক ভয়ংকৰ আৰু শিহৰণকাৰী ঘটনা সংঘটিত হৈছে এইখন অসমতে।উল্লেখযোগ্য যে শিৰচ্ছেদ কৰি এজন লোকে কটা মূৰ হাতত লৈ ওলাল গৈ থানা।তাৰ পিছতে চৌদিশে হুৱাদুৱা পৰিৱেশ বিৰাজ কৰিছে।জানিব পৰা মতে শোণিতপুৰৰ ৰঙাপৰা দয়ালপুৰত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে।টুনিৰাম মাদ্রি নামৰ লোক জনে শিৰচ্ছেদ কৰিলে বইলৰ হেমৰম নামৰ লোক জনক।ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও কিহৰ কাৰণে এই ভয়ংকৰ ঘটনাটো সংঘটিত হল জানিব পৰা হোৱা নাই।এই ঘটনাৰ পিছতে এতিয়া অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে।