শিশুতকৈ বৃদ্ধি পাইছে বৃদ্ধৰ সংখ্যা, সেয়ে দম্পত্তিক তিনিটা সন্তানৰ জন্মৰ অনুমতি ৰঙা চীনৰ

74

বিশ্বৰ ভিতৰতে এখন অদ্ভূত দেশৰ নামেই হৈছে চীন। আমাৰ এই চুবুৰীয়া ৰাষ্ট্ৰখনৰ খাদ্যাভ্যাসৰ পৰা নীতি নিয়মলৈ সকলো অন্য ৰাষ্ট্ৰৰ নাগৰিকতকৈ পৃথক। বিশ্বৰ ভিতৰতে জনসংখ্যাৰ দিশত শীৰ্ষত থকা এই দেশখনত ৪০ বছৰ ধৰি এটা নিয়ম প্ৰৱৰ্তন কৰা আছিল। সেয়া হৈছে চীনৰ সকলো নাগৰিকে মাত্ৰ এটা সন্তানহে জন্ম দিব পাৰিব। ২০১৬ চনত এই নিয়ম সলনি কৰি দুটা সন্তান জন্ম দিয়াৰ চৰকাৰী অনুমতি প্ৰদান কৰা হৈছিল।

কিন্তু চীনত শিশুতকৈ বৃদ্ধৰ সংখ্যা এতিয়া বৃদ্ধি পাইছে। দেশ চালনাৰ অন্যতম শক্তি তথা ভৱিষ্যতৰ নাগৰিক এই শিশুৰ হ্ৰাসে অধিক চিন্তাত পেলাইছিল চীন চৰকাৰক। যাৰ বাবে এতিয়াৰে পৰা পৰিয়ালসকলক তিনিটা সন্তান জন্ম দিয়াৰ অনুমতি প্ৰদান কৰা হৈছে।

উল্লেখ্য যে, জনসংখ্যা বিস্ফোৰণৰ প্ৰতি লক্ষ্য ৰাখিয়েই চীনে পূৰ্বে এটাতকৈ অধিক সন্তান জন্ম দিয়াত বাধা প্ৰদান কৰিছিল। কিন্তু এতিয়া ৰাষ্ট্ৰখনত বৃদ্ধ লোকৰ সংখ্যাহে বৃদ্ধি পাবলৈ ধৰাত ভৱিষ্যত প্ৰজন্মৰ প্ৰতি চিন্তা কৰি তিনিটা সন্তানৰ জন্মৰ অনুমতি প্ৰদান কৰিছে ৰঙা চীনে।