পুনেৰ বাৰান্ধা ঘাটত চেলফি তুলিবলৈ গৈ ৫০০ ফুট ওপৰৰ পৰা বাগৰি পৰি মৃ্ত্যু এগৰাকী শিক্ষকৰ।
জানিব পৰা মতে, ৩৫ বছৰীয়া শিক্ষকজনে শিলৰ ওপৰত উঠি ফটো লৈ থকাৰ সময়তে সংঘটিত হয় এই অঘটন।
প্ৰত্যক্ষদৰ্শীৰ মতে, সেই স্থানত থকা অসংখ্য বান্দৰৰ ভয়ত নামি আহিব খোজতেই শিলৰ পৰা পিচলি পৰে যুৱকজন।
লগে লগে তেওঁক সংকটজনক অৱস্থাত হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
