দেওবাৰে শিলচৰৰ শৰৎ পল্লী অঞ্চলত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত ৪টাকৈ বাসগৃহ ভস্মীভূত হোৱাৰ লগতে জুইত জাহ যায় কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি।
ইফালে, এই ভয়ংকৰ অগ্নিকাণ্ডত ৰতন পাল নামৰ এজন লোকো গুৰুত্বৰভাৱে আহত হয়।
খবৰ অনুসৰি এলপিজি চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডত বিবেক ৰয়, দুলাল পাল, মানতোষ পাল আৰু ৰতন পালৰ বাসগৃহ জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয়।
