শিলচৰত কেন্দ্ৰীয় মন্ত্ৰীৰ জনসভাত দৰ্শকৰ বাবে পাৰি থোৱা চকী ভাল কৰাত লাগিল বিধায়ক মিহিৰকান্তি সোম

55

শিলচৰ: শিলচৰত শুকুৰবাৰে কেবাটাও কাৰ্যসূচীত অংশ লয় কেন্দ্ৰীয় পৰিবহন বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে। এদিনীয়া ভ্ৰমণ সূচীৰে শিলচৰত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পুৱা অসম বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত অংশ লোৱাৰ পিছতে ৰংপুৰৰ এখন কৰ্মী সন্মিলনত ভাগ লয়। তাৰ পিছতে ৰংপুৰ জিৰ’ পইন্টত অটল বিহাৰী বাজপেয়ী স্মাৰক সমিতিৰ উদ্যোগত নিৰ্মান কৰা প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ এটি ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।  

উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানৰ মঞ্চত ভাষণ প্ৰদান কৰি থকাৰ সময়তে মঞ্চৰ সন্মুখত পাৰি থোৱা চকী ঠিক কৰাত ব্যস্ত হৈ আছিল উধাৰবন্ধ সমষ্টিৰ বিজেপি বিধায়ক মিহিৰকান্তি সোম। চচিয়েল মিডিয়াত এই দৃশ্য ভাইৰেল হৈ পৰাৰ পিছতে বিধায়কগৰাকীৰ কৰ্মক লৈ চৰ্চা আৰম্ভ হৈছে। বহুতৰ মতে ২০২১ৰ নিৰ্বাচনত পুনৰ এবাৰ টিকট বিচাৰিয়েই এনেদৰে কেন্দ্রীয় মন্ত্ৰীৰ সন্মুখত কৰ্মঠ বিধায়ক হোৱাৰ প্ৰমাণ দিব বিচৰিছে মিহিৰকান্তি সোমে।

ইফালে শিলচৰত জনসভাত ভাগ লৈ অসমৰ বাবে কেইবাখনো আঁচনি ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী নিতীন গাডকাৰীয়ে। বিশেষকৈ বৰাক নৈৰ উপৰত দুখনকৈ নতুন দলং, গুৱাহাটীত পানীত বিমান অৱতৰনৰ ব্যবস্থা, শিলচৰ সৌৰাষ্ট্ৰ সংযোগী পথৰ, মাজুলি সংযোগী দলঙৰ ২০২১ৰ আৰম্ভণিত নিজে আহি আধাৰশিলা স্থাপন কৰিব বুলিও মন্তব্য কৰে নিতীন গাডকাৰীয়ে। শিলচৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী লগত প্ৰতিটো অনুষ্ঠানতে উপস্থিত আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল।