শিক্ষাৰ্থীসকলৰ সমস্যা সমাধানৰ দক্ষতা মূল্যাঙ্কন কৰিবলৈ এইচচিএল জিগছা

69

১০ বিলিয়ন আমেৰিকান ডলাৰৰ আগশাৰীৰ বিশ্বব্যাপি গোট এইচচিএল-য়ে এইচচিএল জিগছাউপস্থাপন কৰে, যি হৈছে একবিংশ শতিকাৰ যুৱ (গ্ৰেড ৬ ৰ পৰা ৯) শিক্ষাৰ্থীসকলৰ মুখ্য দক্ষতা মূল্যাঙ্কন কৰা আৰু দেশত সমস্যা সমাধানৰ সংস্কৃতি গঢ়ি তোলাৰ বাবে প্ৰস্তুত কৰা ভাৰতৰ মুখ্য সমালোচনামূলক যুক্তি মঞ্চ। চেম্পিয়নশ্বিপৰ বাবে পঞ্জীয়ন এতিয়া মুকলি হৈ আছে আৰু আগ্ৰহী শিক্ষাৰ্থী বা বিদ্যালয়ে ৩১ মেৰ ভিতৰত www.hcljigsaw.comত নিজকে পঞ্জীয়ন কৰিব পাৰে। এইচচিএল জিগছে অংশগ্ৰহণকাৰী শিক্ষাৰ্থীসকলক তিনিটা প্ৰাথমিক গুণাগুণৰ অধীনত ১০ টা গুৰুত্বপূৰ্ণ মাপকাঠিৰ ওপৰত মূল্যাঙ্কন কৰিব যাক সমস্যা সমাধান প্ৰক্ৰিয়াৰ মুখ্য উপাদান হিচাপে চিহ্নিত কৰিব পাৰি।