শিক্ষাৰ ক্ষেত্ৰত বন্ধন বেংকৰ আদৰণীয় পদক্ষেপ…

57

বন্ধন বেংকে ৰাজ্যৰ বহু পৰিয়ালক ক্ষুদ্ৰ ঋণ প্ৰদান কৰি স্বাৱলম্বীতাৰ পথত আগুৱাই নিয়াৰ সমান্তৰালকৈ শিক্ষাৰ ক্ষেত্ৰতো অভুত পূৰ্ব অৰিহণা আগবঢ়াইছে। ৰাজ্যৰ বিভিন্ন স্থানত বন্ধন বেংকে দৰিদ্ৰ পৰিয়ালৰ বাবে স্থাপন কৰিছে বিনামূলীয়া শিক্ষাকেন্দ্ৰ। য’ত শিক্ষাৰ লগত জড়িত সকলো সামগ্ৰী সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ প্ৰদান কৰিছে বন্ধন বেংকে।

ৰাজ্যত চলন্ত পৰ্যায়ত প্ৰায় ২৭০ টাকৈ অধিক শিক্ষা কেন্দ্ৰ গঢ় দিছে বন্ধন বেংকে। তাৰে সমান্তৰালভাৱে মৰিগাঁওজিলাত ৪০ টা শিক্ষা কেন্দ্ৰ স্থাপন কৰিছে বন্ধন বেংকে।এনে শিক্ষা কেন্দ্র সমুহত স্হানীয় শিক্ষিত মহিলা সকলক নিৰ্দিষ্ট পাৰিতোষিকৰ বিনিময়ত বন্ধন বেংকে শিশু শিক্ষাৰ ক্ষেত্রত এক বিস্তৃত কাৰ্য্যসূচী লোৱা বুলিও বেংক কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

মৰিগাঁও জিলাৰ মৈৰাবাৰী শাখা বন্ধন বেংকৰ সহযোগত মৈৰাবাৰীৰ বিভিন্ন অঞ্চলত স্থাপন কৰা ২০ টা শিক্ষা কেন্দ্রৰ প্ৰায় ৬০০ ছাত্ৰ-ছাত্ৰীক বিভিন্ন খেল ধেমালিৰে শৈক্ষিক মানদণ্ড উন্নত কৰিবলৈ বিভিন্ন ধৰণৰ খেল ধেমালি ও বটাঁ বিতৰণি অনুষ্ঠান আয়োজন কৰি সংবাদ মাধ্যমৰ যোগে বন্ধন বেংকে শিক্ষাৰ ক্ষেত্ৰত লোৱা পদক্ষেপ সমূহ অৱগত কৰে।