শিক্ষামন্ত্ৰীৰ ঘোষণা- চলিত বৰ্ষত ১লাখ টেট উত্তীৰ্ণ প্ৰাৰ্থীক দিয়া হব চাকৰি

81

চলিত বৰ্ষৰ ভিতৰতে ১ লাখ টেট উত্তীৰ্ণ প্ৰাৰ্থীক প্ৰদান কৰা হব চাকৰি। আজি এই ঘোষণা কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। শিক্ষামন্ত্ৰীৰ এই ঘোষণাৰ পিছতে উৎফুল্লিত হৈ পৰিছে টেট উত্তীৰ্ণ প্ৰাৰ্থীসকল।

উল্লেখ্য যে, শিক্ষকৰ যোগ্যতা নিৰ্ণয় পৰীক্ষা অৰ্থাৎ টেট উত্তীৰ্ণ হোৱাৰ পিছতো কেইবালাখ প্ৰাৰ্থী বৰ্তমানো সংস্থাপন লাভৰ পৰা বঞ্চিত হৈ আছে। এনে পৰিপ্ৰেক্ষিতত টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে প্ৰায়ে চৰকাৰৰ ওচৰত দাবী জনাই আহিছে যে অতি শীঘ্ৰে তেওঁলোকক চাকৰি প্ৰদান কৰা হওঁক। শেহতীয়াকৈ শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰাৰ্থীসকলৰ দাবীক মান্যতা প্ৰদান কৰি চলিত বৰ্ষৰ ভিতৰত ১ লাখ যোগ্য প্ৰাৰ্থীক চাকৰি দিয়াৰ ঘোষণা কৰিছে।