শিক্ষামন্ত্ৰীৰ আশ্বাসত সন্তুষ্ট নহয় ৰাজ্যৰ বেতন বঞ্চিত শিক্ষক সমাজ পুনৰ বিবেচনাৰ বাবে আহ্বান নাগৰিক অভিৱর্তনৰ সংকল্প

69

ষ্টাফৰিপৰ্টাৰ, ৰাজ্যৰ বেতন বঞ্চিত প্ৰাথমিক শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত সদৌ অসম বেতন বঞ্চিত প্ৰাথমিক শিক্ষক সন্থাই অহৰহ চেষ্টা চলাই আহিছে ।চলিত মাহৰ ১০ আগষ্টৰ ভিতৰত চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত চৰকাৰৰ মতামত স্পষ্ট কৰিবৰ বাবে সন্থাই দাবী জনাইছিল । কিন্তু যোৱা সংবাদ মেলত
শিক্ষামন্ত্রী হিমন্ত বিশ্ব শর্মাই পুনৰ ডেৰমাহ সময় লোৱা সন্দৰ্ভত একেবাৰেই সন্তুষ্ট আৰু আশ্বস্ত হোৱা নাই বুলি সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাই এক বিবৃতিৰ জৰিয়তে মত প্ৰকাশ কৰিছে । পোন্ধৰ আগষ্ট তাৰিখে ৰাজ্যৰ বেতন বঞ্চিত সকলো শিক্ষকৰ লগতে তেওঁলোকৰ পৰিয়াল বৰ্গইও চাকৰি নিয়মীয়াকৰণ হোৱাৰ এটা বহুদিনীয়া আশা পুহি ৰাখিছিল যদিও শনিবাৰে বিত্তমন্ত্রীৰ সংবাদ মেলৰ পাছত সকলোৰে সেই আশা পুনৰ ধূলিস্যাৎ হৈ গ’ল বুলি ক্ষোভ উজাৰিছে শিক্ষক সন্থাৰ কেন্দ্ৰীয় উপদেষ্টা হেমকান্ত সন্দিকৈয়ে ।
কিছু দিনৰ পূর্বে বিত্তমন্ত্রী হিমন্ত বিশ্ব শর্মাই নাজিৰা ভ্রমণৰ সময়ত মাত্র দুটা মাহৰ ভিতৰত সমস্যা সমাধানৰ আশ্বাস প্রদান কৰিছিল, তাৰ পাছত চলিত বর্ষৰ জুন মাহত শিৱসাগৰ আৱৰ্ত ভৱনতো পুনৰ দুটা মাহৰ ভিতৰত সমস্যা সমাধানৰ আশ্বাস দি শনিবাৰে পুনৰ ডেৰমাহ সময় লোৱাৰ কথাটো অতি হাস্যকৰ আৰু ব্যংগত্মক বুলি অভিহিত কৰিছে সন্থাই।
.সন্থাই বিগত কংগ্রেছ চৰকাৰৰ দিনতে উদ্ভৱ হোৱা শিক্ষা বিভাগৰ বাবে এই দীর্ঘদীনিয়া সমস্যাটো বৰ্তমানেও সমাধান কৰিব নোৱাৰাটো কংগ্রেছ আৰু বিজেপি দুয়োখন চৰকাৰৰ এক চৰম ব্যর্থতা বুলি অভিহিত কৰে।

সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক বসন্ত নেওগে । বৰ্তমানৰ শিক্ষামন্ত্রী গৰাকীয়েই বিগত কংগ্রেছ চৰকাৰৰ দিনতো শিক্ষামন্ত্রীৰ দায়িত্ব আছিল, তেতিয়াৰ দিনটো তেখেতে আশ্বাস প্রদান কৰিছিল আৰু বৰ্তমানেও আশ্বাস দিয়াৰ ধাৰাবাহিকতা অব্যাহত ৰাখিছে । সমাধানৰ নামত তেতিয়াও বহু বাৰ তদন্ত কৰা হ’ল, বৰ্তমানৰ চৰকাৰেও তদন্ত কৰিলে ,তদন্তৰ প্ৰতিবেদনো প্ৰস্তুত কৰা বছৰ পাৰ হ’ল, আনহাতে চৰকাৰৰ হাতত মাত্র কেইটামান দিন বাকী আছে তেনে ক্ষেত্রত কি কাৰণত বিষয়টো পাছলৈ থেলি আছে ,কি কাৰণে সমস্যাটো চৰকাৰে জীয়াই ৰাখিব বিচাৰিছে –এনে বহু প্ৰশ্ন উত্থাপন হৈছে শিক্ষক তথা শিক্ষক পৰিয়ালৰ মাজত।
সম্পূর্ণ নীতিগতভাৱে নিযুক্তি গ্রহণ কৰি বুনিয়াদী প্ৰশিক্ষণ,জি.পি.এফ.,চাৰ্ভিচ বুক আদি সকলো সুবিধা লাভ কৰি এসময়লৈকে সম্পূর্ণ বেতন লাভ কৰা শিক্ষকসকলক বছৰ বছৰ ধৰি দৰমহাৰ পৰা বঞ্চিত কৰি চৰকাৰ তথা শিক্ষা বিভাগে চৰম অন্যায় কৰাৰ অভিযোগো উত্থাপন কৰিছে শিক্ষক সন্থাই ।
সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাই বিষয়টো সন্দৰ্ভত বিত্তমন্ত্রী হিমন্ত বিশ্ব শর্মাক পুনৰ বিবেচনা কৰি ১৫ আগষ্টৰ ভিতৰত চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত মতামত আগবঢ়াবৰ বাবে অনুৰোধ জনোৱাৰ লগতে এক দাবী জনাইছে ।
ইয়াৰ অন্যথা ১৫ আগষ্টৰ পিছতেই শিক্ষক সমাজ একত্রিত হৈ বিভিন্ন দল-সংগঠনৰ উপস্থিতিত এক নাগৰিক অভিবৰ্তন আয়োজনৰ লগতে ধাৰাবাহিক গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবৰ বাবে ৰাইজৰ পৰামৰ্শ বিচাৰি এলানি কাৰ্যসূচী গ্ৰহণ বুলি সন্থাই বিবৃত্তি যোগে অবগত কৰিছে।