গুৱাহাটী : মহানগৰীৰ শান্তিপুৰত ব্ৰহ্মপুত্ৰৰ পাৰত আজি বিয়লি এটা বিলুপ্তপ্ৰায় প্ৰজাতিৰ বৰকাছ উদ্ধাৰ কৰা হয় । প্ৰাপ্ত খবৰ মতে বিয়লি প্ৰায় ডেৰ মান বজাত এটা বৃহৎ কাছক শান্তিপুৰত বন বিভাগৰ কাৰ্যালয়ৰ দাঁতিৰ পানী যুৱলীত প্রত্যক্ষ কৰি কোনো লোকে ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষক অৱগত কৰে ।
চিৰিয়াখানাৰ এটা বনকৰ্মীৰ দল গৈ ৪০ কেজিৰো অধিক ওজনৰ কাছটো উদ্ধাৰ কৰি লৈ আহে । তাৰ পাছত কাছটো ৰাজ্যিক চিৰিয়াখানাৰ সহকাৰী বন সংৰক্ষক পি শইকীয়া আৰু আঞ্চলিক বন বিষয়া ৰবীন বৈশ্যৰ উপস্থিতত চিৰিয়াখানাত থকা জলাশয়ত এৰি দিয়া হয় । বনকৰ্মীৰ দল সময়মতে গৈ নাপালে কাছটো দুষ্টচক্ৰই লৈ যোৱাটো নিশ্চিত আছিল ।
