শনিবাৰে ৰাজ্যত জাৰি হব নতুন SOP

79

শনিবাৰে ৰাজ্যত জাৰি কৰা হব নতুন এছঅ’পি। এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰ পূৰ্বে আজি জিলা উপায়ুক্ত সকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ কোন জিলাত কেনে কোভিড পৰিস্থিতি তাৰ বুজ লব মুখ্যমন্ত্ৰী ড০ শৰ্মাই। ইফালে নতুন এছঅ’পি সন্দৰ্ভতো উপায়ুক্তসকলৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জাৰি কৰা মতে, বৰ্তমানলৈকে ২২০টা কোভিড হটস্পট ৰাজ্যত চিনাক্ত কৰা হৈছে। যি কেইখন জিলাত কোভিড পৰিস্থিতি এতিয়াও উদ্বিগ্নতাপূৰ্ণ হৈ আছে, সেই জিলাসমূহত কোভিড প্ৰতিৰোধৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ সম্ভাৱনা আছে। আনহাতে কোভিড সংক্ৰমণ হ্ৰাস পোৱা জিলাসমূহত সান্ধ্য আইন শিথিল কৰাৰো ইংগিত দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, গোলাঘাট, বিশ্বনাথৰ শেহতীয়া কোভিড পৰিস্থিতিৰ বাবে জিলা কেইখনত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হব পাৰে। আনহাতে কাছাৰ, ডিব্ৰুগড় তিনিচুকীয়াৰ পৰিৱেশ পূৰ্বতকৈ উন্নত হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।