শক্তিমন্ত্ৰীৰ ঘোষণা- গুজৰাটৰ আৰ্হিত প্ৰতিষ্ঠা কৰা হব অসমৰ বিদ্যুৎ বিভাগক

79

বিদ্যুৎ নাযায়, মাজে মাজে আহে হে! অসমৰ বিদ্যুৎ ব্যৱস্থাক উপলুঙা কৰি প্ৰায়ে এনে ধৰণেৰে তাচ্ছিল্য কৰা দেখা যায়। চৰকাৰে সকলোকে বিদ্যুৎ সংযোগ দিয়াৰ চেষ্টা কৰিছে ঠিকেই, কিন্তু আজিও ৰাজ্যৰ বহু অঞ্চলত আধাতকৈ বেছি সময়েই বিদ্যুৎ নাথাকে। সামান্য বৰষুণ এজাক দিলেই আৰম্ভ হয় লোড শ্বেডিঙৰ লীলা!

বিদ্যুৎ বিভাগক লৈ চলা এনে অভিযোগৰ মাজতে আজি ডিব্ৰুগড়ত গুজৰাটৰ আৰ্হিত অসমৰ বিদ্যুৎ বিভাগক প্ৰতিষ্ঠা কৰাৰ আশ্বাস দিলে শক্তিমন্ত্ৰী বিমল বৰাই। বিদ্যুৎ চুৰিৰ বিৰুদ্ধে কঠোৰ হৈ শক্তিমন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিদ্যুৎ চুৰি বন্ধ হলেহে ২৪ ঘণ্টাই বিজুলি যোগান সম্ভৱ হব।

ডিব্ৰুগড়ৰ জকাই বনগাঁও, মোহন ঘাট, গ্ৰাহাম বজাৰত বিদ্যুৎ চুৰিৰ বিৰুদ্ধে অভিযান চলাই কেইবালক্ষাধিক টকা এপিডিচিএলে আদায় কৰা বুলিও জানিবলৈ দিয়ে শক্তিমন্ত্ৰীগৰাকীয়ে। লগতে তেওঁ এই কথাও জনায় যে অসম চৰকাৰৰ কেইবাটাও বিভাগে বিদ্যুৎ বিভাগক কেইবা কোটি টকাৰ বিল আদায় দিবলৈ আছে। ইতিমধ্যে বিল আদায়ৰ বাবে জাননী জাৰি কৰা বুলিও জানিবলৈ দিয়ে বিমল বৰাই। সৌভাগ্য আঁচনিৰ জৰিয়তে অসমত বিদ্যুৎ উপভোক্তাৰ সংখ্যা ৪২ লাখৰ পৰা ৬৩ লাখলৈ বৃদ্ধি হোৱা বুলিও মন্তব্য কৰে শক্তিমন্ত্ৰীগৰাকীয়ে।