শংকৰী কলাকৃষ্টিৰ সাধক-নামাচাৰ্য লাহিৰাম নাথৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

76

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ পশ্চিম প্ৰান্তৰ বামুণবড়ি দ-গাঁও নিবাসী শংকৰী কলাকৃষ্টিৰ সাধক, নামাচাৰ্য, সমাজ সংগঠক, শিক্ষাব্ৰতী লাহিৰাম নাথৰ আদ্যশ্ৰাদ্ধ উপলক্ষে আজি এখনি স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন কৰা হয়। দিনৰ ২ বজাৰ পৰা প্ৰয়াত নাথৰ নিজা বাসভৱনৰ আদ্যশ্ৰাদ্ধস্থলীত গুৰুজনাৰ অমৰ সৃষ্টি “ৰুক্মিণী হৰণ” অংকীয়া ভাওনাখনি প্ৰদৰ্শন কৰা হয়।

উল্লেখ্য যে দ-গাঁৱৰ ব্যক্তিৰ দ্বাৰা গায়ন-বায়ন আৰু বিজু নাথ, শৰৎ নাথ, তোষেশ্বৰ নাথ আৰু নিৰঞ্জন নাথে পৰিচালনা কৰা অংকীয়া নাটখনিত মাধৱ নাথ, বিনোদ নাথ, চন্দ্ৰ নাথ, বিনয়কৃষ্ণ নাথ, পবিত্ৰ নাথ, থানুৰাম নাথ, প্ৰবোধ নাথ, তৃপ্তি নাথ, বলেন নাথ, অনিমা ডেকা দেৱী, প্ৰিয়াশ্ৰী দেৱী, লাটু দেৱী আদিৰ সাৱলীল অভিনয়ে দৰ্শক ৰাইজক আপ্লুত কৰি নাটখনিৰ শেষলৈকে মোহাচন্ন কৰি ৰাখে।

অংকীয়া নাটখনি প্ৰদৰ্শন হোৱাৰ পূৰ্বে পুৱা প্ৰয়াত লাহিৰাম নাথৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু নাম প্ৰসংগ কৰা হয়। প্ৰতিকুল বতৰকো নেওচি দিনযোৰা কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত সাংবাদিক দেৱজিৎ হাজৰিকা, শিক্ষাবিদ পুনিৰাম নাথ, শংকৰ নাথ, সন্তোষ নাথ, গুণেন্দ্ৰ নাথ, টুটু দেৱীকে ধৰি চাৰিশতাধিক ৰাইজ উপস্থিত থাকে।

উল্লেখ্য যে শংকৰী কলাকৃষ্টিৰ সাধক, নামাচাৰ্য,সমাজ সংগঠক, শিক্ষাব্ৰতী লাহিৰাম নাথৰ যোৱা ৫ মে’ত ৮০ বছৰ বয়সত পৰলোকপ্ৰাপ্তি হৈছিল। ১৯৪২ চনত জন্মগ্ৰহণ কৰা নাথ বিগত কিছুদিন ধৰি অসুস্থ হৈ ঘৰতে চিকিৎসাধীন হৈ আছিল। শিক্ষকতাকে জীৱনৰ ব্ৰত হিচাপে লৈ কৰ্মজীৱন আৰম্ভ কৰা ২০০২ চনত অৱসৰগ্ৰহণ কৰা নাথ শিক্ষকতাৰ সমান্তৰালকৈ নগাঁও-মৰিগাঁও জিলাৰ ভিন্ন প্ৰান্তত শংকৰী কলাকৃষ্টিৰ চৰ্চাৰ লগতে বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত আছিল।