গুৱাহাটীঃ চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষী থানাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ব্যক্তিগত কাজিয়াৰ পৰিণতিত দিনৰ পোহৰতে সতীৰ্থ আৰক্ষী জোৱানক গুলীয়াই হত্যা এজনৰ।
চৰাইদেউৰ আৰক্ষী অধীক্ষক যুৱৰাজে জানিবলৈ দিয়া মতে, আৰক্ষী কনিষ্টবল গোকুল বসুমতাৰীক নিজৰ চাৰ্ভিছ গানেৰে গুলীয়াই হত্যা কৰে সতীৰ্থ দীপক কাকতিয়ে।
মঙলবাৰে পুৱা আৰক্ষী থানাত কৰ্তব্যৰত দীপক কাকতিত ৰিলিভ দিবলৈ অহাৰ সময়তে গোকুল বসুমতাৰী সৈতে এই ঘটনা সংঘটিত কৰে দীপকে।
আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী দীপক কাকতিক।
এই গুলীচালনাৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই বুলিও জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে।
