পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে ঘোষণা কৰিছিল যে তেওঁৰ দলে বংগত অকলে নিৰ্বাচনত অৱতীৰ্ণ হ’ব। এই বক্তব্যৰ পিছতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানেও কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰাৰ ইংগিত দিছে।
কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে আমি পঞ্জাৱত এনেকুৱা একো (মিত্ৰতাৰ সন্দৰ্ভত) কৰা নাই। তেওঁ কয় যে পঞ্জাৱৰ ১৩খন আসনত লোকসভাৰ নিৰ্বাচন আম আদমী পাৰ্টিৰ সপক্ষে ১৩-০।
ইফালে সাংবাদিকে মমতা বেনাৰ্জীক লৈ প্ৰশ্ন উত্থাপন কৰাৰ সময়ত তেওঁ কয় যে হয়তো কিছু কথা-বতৰা চলি আছে। কিন্তু আমি পঞ্জাৱত এনেকুৱা একো কৰিবলৈ যোৱা নাই। মুখ্যমন্ত্ৰীৰ বক্তব্যই ইংগিত দিয়ে যে আগন্তুক দিনত পঞ্জাৱত কংগ্ৰেছ আৰু আপৰ মাজত কোনো মিত্ৰতাৰ সম্ভাৱনা নাই।