সদৌ অসম ছাত্ৰ সন্থাই এই বছৰৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা অসমৰ জনপ্ৰিয় লোকশিল্পী খগেন গগৈক প্ৰদান কৰাৰ ঘোষণা কৰে। জানিব পৰা মতে, ২৭ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হবলগীয়া এক অনুষ্ঠানত খগেন গগৈক এই বঁটা প্ৰদান কৰিব ছাত্ৰ সন্থাই।
লক্ষণীয়ভাৱে, গোৱালপৰীয়া লোক সংগীতক বিশ্ব দৰবাৰলৈ লৈ যোৱা অসমীয়া শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যু বাৰ্ষিকীত সদৌ অসম ছাত্ৰ সন্থাই প্ৰদান কৰি আহিছে এই বঁটা।
