লেখাপানী বাৰ্মাকেম্পত ট্ৰেলাৰ-মেজিকৰ মূখামূখী সংঘৰ্ষত নিহত এক।
লেখাপানী থানাৰ অন্তৰ্গত ব্ৰহ্মাকেম্পত সমোবাৰে সন্ধীয়া প্ৰায় ৭ বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । ট্ৰেলাৰ-মেজিকৰ মূখামূখী সংঘৰ্ষত আহতৰ তিনিজনক মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও তাৰে ৰাম ৰজত নামৰ এজন লোকৰ মৃত্যু হয় ।
উল্লেখ যে, মাৰ্ঘেৰিটা দিশৰ পৰা যোৱা এখন যাত্ৰীবাহী বাহনত জাগুন দিশে গৈ থকা অৱস্থাত জাগুন দিশৰ পৰা আহি থকা এখন ট্ৰেলাৰত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত তিনিজনকৈ লোক আঘাতপ্ৰাপ্ত হয়।ততাতয়াকৈ মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ নিছিল যদিও তাৰে এজন লোকে কৰুণভাবৱ মৃত্যুক আকোৱালি লয়। অন্যহাতে অন্যদুজনৰ অৱস্থা অতি সংকট জনক বুলি জানিব পৰা গৈছে।
ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্থ দুয়োখন গাড়ীকে আৰক্ষীয়ে জব্দ কৰিছে।
